১০,৩৮১ বিদ্যালয়ে অনুষ্ঠিত নকৰিলে 'সমগ্ৰ শিক্ষা'ৰ 'পেট'

dainik janambhumi July 03, 2025

ডিজিটেল ডেস্কঃ দহ সহস্রাধিক বিদ্যালয়ে সমগ্র শিক্ষা, অসমে অনুষ্ঠিত কৰা পিৰিয়ডিকেল এছেছমেন্ট টেষ্টলৈ (পেট) নজনালে সঁহাৰি। উল্লেখযোগ্য যে যোৱা ১৬ আৰু ১৭ জুনত ৰাজ্যৰ সকলো প্রাথমিক বিদ্যালয়ত পেট অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল সমগ্র শিক্ষাই। ৰাজ্যত থকা ৪৩৭১৬ খন বিদ্যালয়ৰ ভিতৰত ৩৩৩৩৫খন বিদ্যালয়ত পেট অনুষ্ঠিত হ'ল যদিও ১০৩৮১ খন বিদ্যালয়ে পেট অনুষ্ঠিত নকৰাৰ কথা সমগ্র শিক্ষাৰ তথ্যত ফাদিল হৈছে। 

শিক্ষার্থীৰ শৈক্ষিক বিকাশ আৰু ভৱিষ্যতৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আগতীয়াকৈ এম চি কিউ পদ্ধতিৰ লগত পৰিচিত হ'ব পৰাকৈ প্ৰাথমিক স্তৰত সমগ্র শিক্ষাই পেট অনুষ্ঠিত কৰি আহিছে। সমগ্র শিক্ষাই পেটৰ জৰিয়তে শিক্ষাৰ্থীৰ মূল্যায়ন কৰাৰ ব্যৱস্থা লৈছিল যদিও ২৩.৮ শতাংশ বিদ্যালয়ে পেট অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিল। কালি সমগ্র শিক্ষাই প্ৰকাশ কৰা তথ্য অনুসৰি ৩৫খন জিলাৰ আটাইকেইখনেই পেটত অংশগ্রহণ কৰিছে আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সর্বাধিক সংখ্যক বিদ্যালয়ত পেট অনুষ্ঠিত কৰে। জিলাখনত অংশগ্ৰহণৰ শতকৰা হাৰ ৯৬.৫ শতাংশ। আঠখন জিলা অর্থাৎ বঙাইগাঁও, হোজাই, কামৰূপ (মেট্র'), কাৰ্বি আংলং, কোকৰাঝাৰ, নলবাৰী, তিনিচুকীয়া আৰু ওদালগুৰিত ৮০ শতাংশতকৈ অধিক বিদ্যালয়ে অংশগ্ৰহণ কৰে। অসমৰ ১৭ খন জিলাত বিদ্যালয়ৰ অংশগ্ৰহণৰ হাৰ ৭০ শতাংশতকৈ অধিক। আন দহখন জিলাত অংশগ্রহণকাৰী বিদ্যালয়ৰ শতকৰা হাৰ ৫৫-৭০ শতাংশৰ ভিতৰতে সীমাবদ্ধ থাকিল। গুণোৎসৱত প্রথম স্থান লাভ কৰি অহা শিৱসাগৰ জিলাতো পেট অনুষ্ঠিত কৰা বিদ্যালয়ৰ হাৰ ৭০ শতাংশৰ ভিতৰতে থাকিল। বিদ্যালয়ৰ সংখ্যা অধিক থকা প্রধান জিলা যেনে নগাঁৱৰ ২,১৬৯ খন বিদ্যালয় আৰু কাছাৰ ২,১৫৯ বিদ্যালয়ৰ ভিতৰত ৭০ শতাংশ বিদ্যালয়েহে পেট অনুষ্ঠিত কৰি সমগ্ৰ শিক্ষাৰ প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই অংশগ্ৰহণ কৰে। অসমত চাৰিটা মাধ্যম অর্থাৎ অসমীয়া, ইংৰাজী, বড়ো আৰু বাংলা ভাষাত পেট অনুষ্ঠিত কৰা হৈছিল। ২০২৫ চনৰ ১৭ জুনত তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰু ১৬ জুনত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ মূল্যায়নৰ বাবে পেট অনুষ্ঠিত হৈছিল।

Share This