ডিজিটেল ডেস্ক : নেশ্যনেল হেৰাল্ড গোচৰত বিশেষ আদালতত ই ডিয়ে মুখ থেকেচা খোৱাৰ পাছত এতিয়া আন এটা গোচৰত চি বি আইৰো একে দশা হয়। সংসদত ধনৰ বিনিময়ত প্রশ্ন সোধাৰ অভিযোগত পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ (টি এম চি) ৰ সাংসদ মহুৱ মৈত্ৰৰ বিৰুদ্ধে লোকপালে অভিযোগনামা দাখিল কৰিবৰ বাবে দিয়া অনুমতি কালি দিল্লী উচ্চ ন্যায়ালয়ে বাতিল কৰে। ফলত চি বি আয়ে এই গোচৰত এতিয়া অভিযোগনামা দাখিল নকৰে।
উল্লেখযোগ্য যে লোকপালে যোৱা ১২ নৱেম্বৰত মৈত্ৰৰ বিৰুদ্ধে চিবিআইক অভিযোগনামা দাখিলত অনুমোদন জনাইছিল। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনিল ক্ষেত্রপাল আৰু ন্যায়াধীশ বৈদ্যনাথ শংকৰৰ বিচাৰপীঠে কয়, 'আমাৰ মতে লোকপালে ভুল কৰিছে।' আদালতে লোকপালক 'লোকপাল আৰু লোকাযুক্ত আইন'ৰ ২০ নম্বৰ ধাৰাৰ অধীনত এমাহৰ ভিতৰত আইন অনুসৰি পুনৰ সিদ্ধান্ত ল'বলৈ নির্দেশ দিয়ে। শুনানিৰ সময়ত মৈত্ৰৰ অধিবক্তাই কয় যে লোকপালে অভিযোগনামা দাখিলৰ অনুমতি দিয়াৰ সময়ত আইনী প্রক্রিয়া সঠিকভাৱে পালন কৰা নাছিল।
আইন অনুসৰি কোনো জনপ্রতিনিধিৰ বিৰুদ্ধে অভিযোগনামা দাখিলত অনুমোদন জনোৱাৰ আগতে তেওঁৰ মন্তব্য লোৱাৰ প্ৰয়োজন আৰু লোকপালে মৈত্ৰৰ বক্তব্য গ্রহণ কৰা নাছিল। উল্লেখযোগ্য যে নেশ্যনেল হেৰাল্ড গোচৰত আদালতে অভিযোগনামা বিচাৰৰ বাবে গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পাছত কংগ্ৰেছে চৰকাৰক সমালোচনা কৰি এই গোচৰটো ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত বুলি অভিযোগ কৰে। ইয়াৰ পাছত এতিয়া মৈত্ৰৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ অনুমতি নিদিয়াৰ পাছত বিৰোধী পক্ষই চৰকাৰক সমালোচনা কৰাৰ আন এটা সুযোগ লাভ কৰিলে।