ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ পৰিণাম, যুদ্ধৰ বাবে পেট্রল-ডিজেলৰ দাম বৃদ্ধিৰ আশংকা

dainik janambhumi March 02, 2026

ডিজিটেল ডেস্ক: আমেৰিকা আৰু ইজৰাইলে কৰা আক্ৰমণত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেই নিহত হোৱাৰ পাছত যুদ্ধই ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰিছে সমগ্ৰ বিশ্বই। ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিব। ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিব খাৰুৱা তেলৰ বজাৰত। 

যুদ্ধৰ ফলত খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বিশেষকৈ ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ ফলত খাৰুৱা তেলৰ যোগানত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব। হৰমুজ প্রণালীয়েদি বিশ্বৰ মুঠ খাৰুৱা তেলৰ ২০% পাৰ হয়। আনহাতে, ভাৰতৰ মুঠ চাহিদাৰ ৫০% খাৰুৱা তেল এই পথেৰে আহে। ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ লগে লগে খাৰুৱা তেলৰ যোগানো হ্রাস পাব আৰু বিশ্বৰ খাৰুৱা তেল উৎপাদন কৰা দেশবোৰে উৎপাদন হ্রাস কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ব্রেন্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত বৰ্তমানৰ ৭০ ডলাৰৰ পৰা ১০০-১২০ ডলাৰলৈ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত ভাৰতৰ বজাৰত খাৰুৱা তেলৰ দাম প্রতি লিটাৰত ১০-১২ টকা পর্যন্ত বৃদ্ধি পাব পাৰে। ইয়াৰ লগতে ভাৰতৰ বজাৰত সোণ আৰু ৰূপৰ দামো বৃহৎ হাৰত বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। 

ৰাজধানী দিল্লীত পেট্রল বর্তমান প্রতিলিটাৰত ৯৫ টকা আৰু ডিজেল প্রতি লিটাৰত ৮৮ টকা দৰত বিক্ৰী কৰি থকা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পালে দিল্লীত প্রতি লিটাৰ পেট্রল ১০৫ টকালৈ আৰু ডিজেলৰ দাম ৯৬ টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Share This