ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ 

Rashmi May 05, 2026

ডিজিটেল ডেস্ক: কালি অৰ্থাৎ ৪ মে’ত ঘোষণা কৰা হ’ল অসম বিধান সভা নিৰ্বাচনৰ ফলাফল৷ অসমত বিজেপিয়ে লাভ কৰিলে ঐতিহাসিক বিজয়। বিজেপিৰ শক্তিত মুখথেকেচা খালে কংগ্ৰেছ দলে। NDAয়ে ১০২খন আসন লাভ কৰিবলৈ সক্ষম হয়। বিজেপি দলে লাভ কৰিলে ৮২খন আসন, অগপ দলে ১০খন আৰু BPFদলে লাভ কৰিলে ১০খন আসন।  মাত্ৰ ১৯খন আসনতে জয়লাভ কৰিবলৈ সক্ষম হয় কংগ্ৰেছ। 

উজনি অসমত সমুলঞ্চে ভেটি উছন হ’ল কংগ্ৰেছৰ। ৯৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ১৮খন আসনহে লাভ কৰিবলৈ সক্ষম হয় কংগ্ৰেছ। ১৯গৰাকী নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়কৰ ১৮গৰাকীয়েই ধৰ্মীয় সংখ্যালঘু প্ৰাৰ্থী। কংগ্ৰেছৰ পৰা মাত্ৰ এগৰাকী হিন্দু বিধায়কহে নিৰ্বাচিত হ’ল অসম বিধানসভালৈ।

নিৰ্বাচন ফলাফলৰ পাছতে ডিফুত ঘটিছে অঘটন। ডিফুত সংঘটিত হৈছে পেট্ৰ’ল বটল বোমা নিক্ষেপৰ ঘটনা। বোকাজান সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিৰ ঘৰত নিক্ষেপ কৰা হৈছে পেট্ৰ’ল বটল বোমা। 

নিশা কোনো লোকে নিক্ষেপ কৰে ৬ টাকৈ পেট্ৰ’ল বটল বোমা আৰু দুডালকৈ জোঁৰ। নেতাগৰাকীৰ ঘৰৰ সন্মুখৰ পাচলিবাৰীত পৰে পেট্ৰ’ল বটল বোমা।

পুৱাৰ ভাগত পাচলি বাৰীত পেট্ৰ’ল বটল বোমা পৰি থকা প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। আৰক্ষী দল উপস্থিত হৈ পেট্ৰ’ল বটল বোমা কেইটা উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত।

এই ঘটনাক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।







উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This