১২০ টকা পর্যন্ত বৃদ্ধি হ'ব পাৰে পেট্ৰলৰ দাম

dainik janambhumi June 24, 2025

ডিজিটেল ডেস্ক : ইজৰাইলে ইৰানত কৰা আক্রমণে ভাৰতৰ বজাৰতো জুই জ্বলোৱাৰ আশংকা বৃদ্ধি কৰিছে। এই যুদ্ধৰ ফলত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্ৰেণ্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৮২ ডলাৰ হৈছে। 

যদিহে এই ধাৰা অব্যাহত থাকে তেতিয়া ভাৰতৰ তেল, কোম্পানীসমূহে পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হ'ব। যদিহে খাৰুৱা তেলৰ দাম অধিক বৃদ্ধি পায় তেতিয়া ভাৰতৰ বজাৰত প্রতি
লিটাৰ পেট্রলৰ দাম ১২০ টকা বা তাতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে। 

ইয়াৰ লগে লগে ডিজেলৰ দামো বৃদ্ধি পাব। ইন্ধনৰ দাম বৃদ্ধি পোৱাৰ লগে লগে দেশত বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

Share This