ডিজিটেল ডেস্ক : পশ্চিম বংগৰ মুৰ্শ্বিদাবাদত বাবৰী মছজিদৰ এটা প্ৰতিৰূপ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পাছত তৃণমূল কংগ্ৰেছৰ (টি এম চি) বিধায়ক হুমায়ুন কবিৰক বৃহস্পতিবাৰে দলটোৱে নিলম্বন কৰে। কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমে কয় যে এনে ধৰণৰ বিতর্কিত মন্তব্য কৰাৰ বাবে তেওঁক পূর্বতে সকীয়াই দিয়া হৈছিল।
কলকাতাৰ মেয়ৰজনে কয়, 'মুৰ্শ্বিদাবাদৰ এজন বিধায়কে হঠাতে ঘোষণা কৰিছিল যে তেওঁ বাবৰী মছজিদ নির্মাণ কৰিব। কিয় হঠাতে বাবৰী মছজিদ? আমি আগতেই তেওঁক সতৰ্ক কৰি দিছিলোঁ। আমি ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰোঁ। সেইবাবে আমাৰ দলৰ সিদ্ধান্ত অনুসৰি বিধায়ক হুমায়ুন কবিৰক দলৰ পৰা নিলম্বন কৰা হৈছে।'
উল্লেখযোগ্য যে বিধায়ক কবিৰে অহা ৬ ডিচেম্বৰত মুৰ্শ্বিদাবাদৰ বেলডাংগাত এটা বাবৰী মছজিদৰ প্ৰতিৰূপৰ আধাৰশিলা স্থাপনৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰিছিল। সূত্রসমূহে প্রকাশ কৰা মতে, হুমায়ুনে শুকুৰবাৰে টি এম চিৰ পৰা পদত্যাগ কৰিব আৰু এটা নিজা দল গঠন কৰিব আৰু বাবৰী মছজিদৰ এটা প্ৰতিৰূপ নিৰ্মাণৰ কাম আৰম্ভ কৰিব।