এটা বৃহৎ শব্দৰ পাছতে দেখিছিলোঁ চৌদিশে ধোঁৱা আৰু ধোঁৱা

dainik janambhumi June 13, 2025

ডিজিটেল ডেস্কঃ 'সেই সময়ত মই অ' পি ডিত আছিলোঁ। হঠাতে এক বৃহৎ শব্দ শুনিবলৈ পালোঁ। প্রথমে আমি একো ধৰিবই পৰা নাছিলোঁ, কি হৈছে?' এই মন্তব্য বি জে হোষ্টেলটোৰ আৱাসী তথা বি জে মেডিকেল কলেজ এন্ড হস্পিটেলৰ চিকিৎসক অসমৰ ৰুক্মিণী বৰুৱাৰ। দুর্ঘটনাটো সংঘটিত হোৱাৰ সময়ত হোষ্টেলৰ বাহিৰত থকাৰ বাবেই ৰক্ষা পৰিলোঁ বুলি অৱগত কৰি বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়, 'অ' পি ডিত আছিলোঁ। বৃহৎ শব্দটোৰ পাছত দেখিছিলোঁ চৌদিশে ধোঁৱা আৰু ধোঁৱা। পাছত গম পাইছিলোঁ আমি থকা হোষ্টেলটো শেষ হৈ গৈছে।' 

আনহাতে, লগৰ কেইবাগৰাকী আহত হৈছে বুলি জনাই তেওঁ লগতে কয়, 'আমাতকৈ জ্যেষ্ঠ কেইবাগৰাকী চিকিৎসক নিহতও হৈছে। এতিয়াও চকুৰ আগত গোটেই দৃশ্যৰাজি ভাহি আছে।' ইফালে এই দুর্ঘটনাটোত দৈবক্রমে ৰক্ষা পৰিছে অসমৰ ডাঃ বিদ্যুৎ বিকাশ গগৈ। বিমানখনে খুন্দা মৰাৰ সময়ত হোষ্টেলৰ চৌহদতে আছিল ডাঃ গগৈ। 

অগ্নিকুণ্ডৰ মাজেৰে দৌৰি কথমপি তেওঁ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে চিকিৎসক ৰুক্মিণী বৰুৱাৰ বাহিৰেও উক্ত হোষ্টেলটোত অসমৰ আন কেইবাগৰাকী শিক্ষার্থী থাকে। অসমৰ সকলো শিক্ষার্থী সুৰক্ষিত হৈ আছে বুলি জানিব পৰা গৈছে।

দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়তেই অঘটন, হাহাকাৰ পৰিস্থিতি: 

আহমেদাবাদ বিমান বন্দৰৰ পৰা ২৪২জন যাত্ৰীক কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ বিমানখনে উৰা মৰাৰ কেইমিনিটমানৰ পাছতেই দুর্ঘটনাত পতিত হৈ বিমানখনৰ এটা অংশ আহমেদাবাদৰ বি জে মেডিকেল কলেজৰ চিকিৎসক থকা এটা হোষ্টেলৰ ভৱনত পৰেগৈ। দুর্ঘটনাটোৰ সময়ত মেডিকেল কলেজখনৰ বহুতো ছাত্ৰই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছিল। আহমেদাবাদৰ অসামৰিক হস্পিটেলখনৰ এজন আৱাসিক চিকিৎসক আয়ুসে কয় যে দুর্ঘটনাটোৰ খবৰ পাই মেহগানি নগৰত থকা মেডিকেল কলেজখনত হাহাকাৰ লাগে। আয়ুসে কয়, 'আমাৰ বন্ধু আৰু কনিষ্ঠ চিকিৎসকসকল গুৰুতৰভাৱে আহত হৈছে আৰু এতিয়া তেওঁলোকক হস্পিটেলত চিকিৎসা প্রদান কৰা হৈছে।' হস্পিটেলখনৰ কনিষ্ঠ চিকিৎসকসকলে দুর্ঘটনাটোৰ সময়ত হোষ্টেলটোত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছিল আৰু বিমানখনৰ এটা অংশ পৰি যোৱাৰ বাবে হোষ্টেলটোত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। 

দুর্ঘটনাটোৰ পাছত খাদ্যৰ প্লেটবোৰ য'ত-ত'ত সিঁচৰতি হৈ পৰি থকা দৃশ্য পৰিলক্ষিত হয়। কিছুমান আধা খোৱা, কিছুমান নোখোৱা খাদ্যৰ প্লেট চাৰিওফালে পৰি থকা শোকাৱহ দৃশ্য দেখা গৈছে। উল্লেখযোগ্য যে দুর্ঘটনাত পতিত হোৱাৰ পাছতেই বিমানখন অগ্নিকুণ্ডলৈ পৰিণত হয় আৰু চিকিৎসকৰ হোষ্টেলটো থকা ভৱনটোত বিমানখনৰ এটা অংশ পৰেগৈ। বাতৰি লিখা সময়লৈকে এই দুর্ঘটনাটোত ৫জন কনিষ্ঠ চিকিৎসকৰ মৃত্যু হৈছে আৰু বহু চিকিৎসক আহত হৈছে। 

আনহাতে, সতীর্থ চিকিৎসকসকল দুর্ঘটনাত ক্ষতিগ্রস্ত হোৱাৰ বাতৰি লাভকৰি সমগ্র আহমেদাবাদৰ চিকিৎসকসকল বি জে মেডিকেল কলেজলৈ ঢাপলি মেলে। আনকি ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত চিকিৎসকসকলো হস্পিটেলখনলৈ গৈ চিকিৎসা সেৱা আগবঢ়ায়। আনহাতে, দুর্ঘটনাটো সংঘটিত হোৱাৰ পাছত বি জে মেডিকেল কলেজত অবর্ণনীয় পৰিৱেশৰ সৃষ্টি হয়। দুর্ঘটনাটোত হতাহত লোকসকলক ওচৰতে থকা হস্পিটেলখনলৈ ততাতৈয়াকৈ লৈ অনা হয়। মৃতদেহবোৰৰ মৰণোত্তৰ পৰীক্ষা আৰু আহতসকলক চিকিৎসা প্ৰদানত ব্যস্ত হৈ পৰে চিকিৎসক আৰু স্বাস্থ্য কর্মীসকল।

Share This