কাচকল খাই ভালপায় নে? ইয়াৰ নানা উপকাৰী গুণৰ কথা জানিলে আচৰিত হ’ব আপুনি

Rashmi March 26, 2026

ডিজিটেল ডেস্কঃ প্ৰায়বোৰ অসমীয়া লোকৰ ঘৰৰ বাৰীত সহজে পোৱা এবিধ কল হৈছে কাচকল বা পুৰাকল। কাচকলৰ পিতিকা, কাচকলৰ বৰ, কাচকলৰ চিপছ, ধনীয়া, তিল দি বনোৱা কাচকলৰ বাকলিৰ চাটনি, কাচকল ফ্ৰাই, কাচকলৰ আঞ্জা , কাচকলৰ কোফটা কাৰী , কাচকলৰ চপ ইত্যাদি বিবিধ ব্যঞ্জন আমাৰ বহুতৰে প্ৰিয়।  কাচকল (Raw Banana) হৈছে আঁহ, পটাছিয়াম, ভিটামিন B6 আৰু C সমৃদ্ধ এক পুষ্টিকৰ থলুৱা পাচলি।

কাচকলৰ অনেক উপকাৰিতা আছে। জানি লওঁ আহক।

১) কাচকল মানুহৰ হাৰ্টৰ বাবে যথেষ্ট উপকাৰী। হাৰ্টত মাংসপেশী জমা হ’লে হাৰ্টবিট হোৱাত অসুবিধাৰ সৃষ্টি হয়। কাচকলত যথেষ্ট পৰিমাণে হাই পটেছিয়াম পোৱা যায়। কাচকল খালে মানুহৰ হাৰ্টত থকা মাংসপেশী নিয়ন্ত্ৰণত সহায় হয়।

২) কলেষ্টেৰলত ভোগা ৰোগীসকলৰ বাবে কাচকল যথেষ্ট উপকাৰী। কাচকলত পটেচিয়াম থকাৰ উপৰি যথেষ্ট পৰিমাণৰ ফাইবাৰ আৰু মেগনেচিয়াম থাকে। ফাইবাৰ আৰু মেগনেচিয়ামে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৩) মধুমেহ অৰ্থাৎ ডাইবেটিছ ৰোগীসকলৰ বাবে কাচকল অতি উত্তম। কাচকলত থকা কাৰ্বহাইড্ৰেটে মানুহৰ শৰীৰত মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৪) পেটৰ অসুখৰ বাবে কাচকল উপকাৰী। মানুহৰ পেটত ডায়েৰীয়াৰ সমস্যা হ’লে কাচকলত থকা ফাইবাৰ কম্পাউণ্ডে ডায়েৰীয়াৰ পৰা উপশম পোৱাত সহায় কৰে।

৫) গেষ্ট্ৰিক আলচাৰৰ ৰোগীসকলৰ বাবেও কাচকল উপকাৰী।

৬) ওজন বৃদ্ধি আজিকালি প্ৰায়বোৰ লোকৰে এটা গুৰুত্বপূৰ্ণ সমস্যা। মানুহৰ দেহৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো কাচকলে সহায় কৰে।

৭) কাচকলত থকা ভিটামিন চিয়ে/ C এ মানুহৰ ছাল আৰু চুলি ভালে ৰখাত সহায় কৰে।

৮) কাচকলত পোৱা ভিটামিন বি ৬ৰ উচ্চ মাত্ৰাই প্ৰাক-ডায়েবেটিছ আৰু ডায়েবেটিছ ৰোগীৰ তেজৰ গ্লুক’জ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৯) কাচকল সেৱন কৰিলে বৃক্কৰ সমস্যা, যেনে বৃক্কৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

১০) এই কলে কলনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে। কার্বহাইড্রেট থকা বাবে শৰীৰক শক্তি প্রদান কৰে।

১১) ই হজম শক্তি উন্নত কৰাত সহায় কৰে। 

১২) কাচকল আয়ৰনৰ এক ভাল উৎস, যিয়ে হিম'গ্ল'বিন তৈয়াৰ কৰি ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।

১৩) কাচকলত থকা ভিটামিন B6 আৰু C ৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।





প্ৰাগ নিউজ ডিজিটেল

Share This