ডিজিটেল ডেস্ক : ইণ্ডিয়ান ছুপাৰ লীগ এতিয়াও আৰম্ভ নোহোৱাত দেশৰ কেইবাজনো আগশাৰীৰ খেলুৱৈয়ে গভীৰ উদ্বেগ প্রকাশ কৰিছে। পৰিস্থিতিয়ে এতিয়া এনে ৰূপ লৈছেগৈ যে প্রতিযোগিতাখন এতিয়ালৈকে আৰম্ভ নোহাৱাত চিন্তিত হৈ পৰা খেলুৱৈসকলে বিশ্ব ফুটবলৰ নিয়ন্ত্রক সংস্থা ফিফাৰ হস্তক্ষেপ বিচাৰিছে। আই এছ এলক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ সমাধানৰ বাবে তেওঁলোকে ফিফাৰ সহায় বিচাৰে। এই খেলুৱৈসকলৰ ভিতৰত কিংবদন্তি ফুটবলাৰ সুনীল চেত্ৰী, গুৰপ্ৰীত সিং সান্ধু আৰু সন্দেশ ঝিংগনো আছে। তেওঁলোকে ভাৰতীয় ফুটবলৰ অৱস্থা উন্নত কৰাৰ বাবে ফিফাৰ সহায় বিচাৰে।
উল্লেখযোগ্য যে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যন (এ আই এফ এফ) আৰু ফুটবল স্প'র্টছ ডেভেলপমেণ্ট লিমিটেডৰ (এফ এছ ডি এল) মাজত মাষ্টাৰ ৰাইছ এপ্রিমেণ্টক (এম আৰ এ) লৈ বিবাদ চলি আছে। ইয়াৰ ফলত এইবাৰ আই এছ এল এতিয়ালৈকে আৰম্ভ কৰিব পৰা নাই। ইয়াৰ আগতে যোৱা ২৫ আগষ্টত এইবুলি প্রকাশ পাইছিল যে উচ্চতম ন্যায়ালয়ে দুয়োপক্ষক নিজৰ মাজত থকা মতপার্থক্য আলোচনাৰ মাধ্যমৰে আঁতৰাবলৈ নির্দেশ দিছিল, কিন্তু এতিয়ালৈকে কোনো সমাধান নোলাল। উল্লেখযোগ্য যে আই এছ এলৰ ২০২৫-২৬ সত্ৰ এতিয়াও আৰম্ভ হোৱা নাই। এনে অৱস্থাত ভাৰতৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় দলৰ সদস্য চেত্রী, সান্ধু আৰু ঝিংগনে দীর্ঘ সময় ধৰি চলি থকা অনিশ্চয়তাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে আৰু এই বুলি সকীয়াই দিয়ে যে ভাৰতীয় ফুটবল স্থায়ী স্থবিৰ অৱস্থাত উপনীত হৈছে। গুৰপ্ৰীতে সামাজিক মাধ্যমত এটা যুটীয়া ভিডিঅ'ত কয়, 'জানুৱাৰী মাহ পালেহি আৰু আমি এতিয়া আই এছ এলৰ প্রতিদ্বন্দ্বিতামূলক ফুটবল মেচত আপোনালোকৰ স্ক্ৰীনত থকা উচিত আছিল। ইয়াৰ পৰিৱৰ্তে আমি এতিয়া শংকাত ভোগাৰ লগতে অসহায় হৈ পৰিছোঁ আৰু সেয়েহে এই কথা ক'বলৈ বাধ্য হৈছোঁ, যিখিনি সকলোৱে জানে।'
তেওঁলোকে কয় যে এ আই এফ এফ এতিয়া নিজৰ দায়িত্ব পালন কৰিব পৰা অৱস্থাত নাই আৰু সেয়েহে তেওঁলোকে দেশত খেলৰ ভৱিষ্যতক ৰক্ষাৰ বাবে ফিফাক আগবাঢ়ি অহাৰ আৱেদন জনাইছে। খেলুৱৈসকলে কয়, 'ভাৰতীয় ফুটবলৰ প্রশাসন এতিয়া নিজৰ দায়িত্ব পালন কৰিবলৈ সক্ষম নহয়। আমি স্থায়ী স্থবিৰতাৰ দিশত গতি কৰিছোঁ। যিখিনি বাচি আছে সেইখিনি বচাই ৰখাৰ শেষ প্রচেষ্টা এয়া। সেয়েহে, আমি ফিফাক অনুৰোধ জনাইছোঁ তেওঁলোক আগবাঢ়ি আহক আৰু ভাৰতীয় ফুটবলক বচাবৰ বাবে যিখিনিৰ প্রয়োজন তাকেই কৰক।' খেলুৱৈসকলে গুৰুত্বসহকাৰে কয় যে তেওঁলোকে বাধ্য হৈ এই পদক্ষেপ গ্রহণ কৰিছে আৰু ইয়াৰ লগত ৰাজনীতিৰ কোনো সম্পর্ক নাই।