ডিজিটেল ডেস্ক : বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰী বাসভৱনত এটা 'সেন্দূৰ' পুলি (অসমীয়াত জৰথ নামে জনাজাত এই মজলীয়া আকৃতিৰ গছত ৰঙা আৰু হালধীয়া ৰঞ্জক দ্রব্য উলিয়াব পৰা গুটি ধৰে) ৰোপণ কৰে। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত উল্লেখযোগ্য সাহস দেখুওৱা মহিলাৰ এটা দলে তেওঁক এই পুলিটো অলপতে উপহাৰ দিছিল।
এই সেন্দূৰ পুলি ৰোপণক শেহতীয়া অপাৰেশ্যন সেন্দুৰৰ সৈতে সম্পর্ক দেখা গৈছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যম এক্সত কয় যে এই গছজোপা দেশৰ নাৰীসকলৰ বীৰত্ব আৰু অনুপ্ৰেৰণাৰ শক্তিশালী প্রতীক হৈ ৰ'ব। তেওঁ আৰু কয়, '১৯৭১ চনৰ যুদ্ধত সাহস আৰু পৰাক্ৰমৰ অদ্ভুত দৃষ্টান্ত দেখুওৱা কচ্চৰ (গুজৰাট) মা-ভনীসকলে মোৰ গুজৰাট ভ্ৰমণৰ সময়ত অলপতে মোক 'সেন্দূৰ' পুলি উপহাৰ দিয়ে। বিশ্ব পৰিৱেশ দিৱসত প্ৰধানমন্ত্ৰীৰ বাসভৱনত এই পুলিটো ৰোপণ কৰাৰ মোৰ সৌভাগ্য ঘটিল। এই গছজোপা দেশৰ নাৰীসকলৰ বীৰত্ব আৰু অনুপ্ৰেৰণাৰ শক্তিশালী প্রতীক হৈ ৰ'ব।'
উল্লেখযোগ্য যে ৰোপণ কৰিবলৈ 'সেন্দূৰ' গছ বাছনি কৰাটো মন কৰিবলগীয়া, কাৰণ ভাৰতে শেহতীয়াকৈ পাকিস্তানত সন্ত্রাসবাদীৰ ঘাটি আক্ৰমণ কৰা অভিযানটোৰ নামো দিয়া হৈছিল অপাৰেশ্যন সেন্দূৰ। প্ৰধানমন্ত্ৰী মোদীয়ে আজি 'এটা ভিডিঅ' বার্তাত কয় যে প্রতিখন, দেশেই বিশ্বৰ জলবায়ুৰ সুৰক্ষাৰ বাবে নিজৰ স্বাৰ্থৰ ঊর্ধ্বলৈ উঠিব লাগিব। তেওঁ আৰু কয় যে এই বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয় হৈছে প্লাষ্টিকৰ প্ৰদূষণ অন্ত পেলোৱা আৰু ভাৰতে যোৱা ৪-৫ বছৰ এই ক্ষেত্ৰত কাম কৰি আছে। মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত জনসাধাৰণক পৃথিৱীৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ চেষ্টা বৃদ্ধি কৰিবলৈ আৰু পাৰিপাৰ্শ্বিক প্রত্যাহ্বানক অতিক্ৰম কৰিবলৈ আহ্বান জনায়।