ডিজিটেল ডেস্ক: ভাৰতৰ জনসাধাৰণ অতি উদ্ভাৱনী শক্তিসম্পন্ন আৰু সমস্যাসমূহৰ সমাধান নিজে বিচাৰি উলিয়ায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আকাশবাণীৰ নিয়মীয়া অনুষ্ঠান 'মন কি বাত'ত কালি এনেদৰে কয়।
প্রধানমন্ত্রীয়ে ১৩০ সংখ্যক 'মন কি বাত'ত অসমৰ নগাঁও, উত্তৰ প্ৰদেশৰ আজমগড় আৰু অনন্তপুৰ জিলাত স্থানীয় লোকসকলে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্রত হাতত লোৱা সফল পদক্ষেপৰ বিষয়ে উল্লেখ কৰি জনসাধাৰণৰ সমূহীয়া শক্তিত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে অসমৰ নগাঁও জিলাৰ বিষয়ে উল্লেখ কৰি কয় যে জিলাখনৰ পুৰণি পথসমূহৰ সৈতে তাৰ জনসাধাৰণৰ আৱেগ জড়িত হৈ আছে আৰু তাৰ একাংশ লোকে নিজৰ পথসমূহ একেলগে মিলিজুলি পৰিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়। লাহে লাহে এই কামত আৰু অধিক লোক তেওঁলোকৰ সৈতে জড়িত হৈ পৰে। এনেদৰেই এনেকুৱা এটা টীম তৈয়াৰ হৈ পৰিল যি পথসমূহৰ পৰা বহুখিন আৱৰ্জনা আঁতৰায়। বেংগালুৰুত ছ'ফাৰ পেলনীয়া সামগ্রী এটা ডাঙৰ সমস্যা হৈ পৰে আৰু ইয়াৰ সমাধানৰ কাৰণে একাংশ পেছাদাৰী লোক একত্রিত হৈ এই সমস্যা সমাধান কৰি আছে।
প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত কয়, 'মন কি বাত'ত আমি অহৰহ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে উল্লেখ কৰি আহিছোঁ। আমাৰ যুৱ প্ৰজন্ম নিজৰ চৌদিশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈ যথেষ্ট সজাগ হোৱা দেখি মই গর্ব বোধ কৰিছোঁ। অৰুণাচল প্রদেশত এনে ধৰণৰ এটা সৰু পদক্ষেপৰ বিষয়ে মই জানিব পাৰিছোঁ। অৰুণাচল প্রদেশত দেশৰ প্ৰথম সূর্যোদয় হয়। ইয়াৰ জনসাধাৰণে 'জয়হিন্দ' বুলি পৰস্পৰৰ অভিবাদন জনায়। ইয়াৰ ইটানগৰৰ যুৱক-যুৱতীৰ এটা গোটে অধিক গুৰুত্ব দিব লগা স্থানসমূহ পৰিষ্কাৰ কৰাৰ বাবে একত্রিত হয়। এই যুৱক-যুৱতীসকলে বিভিন্ন চহৰৰ ৰাজহুৱা স্থান পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো তেওঁলোকৰ অভিযান হিচাপে লৈছে। ইয়াৰ পাছত ইটানগৰ, নাহৰলগুণ, দৈমুখ, চেপ্পা, পালিন আৰু পাছিঘাটতো তেওঁলোকে এই অভিযান চলায়। এই যুৱকসকলে এতিয়ালৈকে ১১ লাখ কিল'গ্রামতকৈ অধিক আৱৰ্জনা পৰিষ্কাৰ কৰিছে।' উত্তৰ প্ৰদেশৰ আজমগড়ত তমসা নদীৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্থানীয় জনসাধাৰণে নদীখনক নতুন জীবন দিলে। তেওঁ কয়, 'তমসা কেৱল এখন নদী নহয়, ই আমাৰ সংস্কৃতি আৰু আধ্যত্মিক ঐতিহ্যৰ এক জীবিত ধাৰা।' একে ধৰণেৰে জনসাধাৰণৰ সহযোগিতা অন্ধ্র প্রদেশৰ অনন্তপুৰতো দেখা পোৱা গৈছে। ই এনেকুৱা এটা অঞ্চল যি গুৰুতৰভাৱে খৰাঙৰ সন্মুখীন হৈছে। ইয়াৰ মাটি ৰঙা আৰু বালিয়া হোৱাৰ ফলত জনসাধাৰণ পানীৰ নাটনিৰ সম্মুখীন হৈছে। এই প্রচেষ্টাৰ অধীনত দহটাতকৈ অধিক জলাশয়ক পুনৰ জীৱিত কৰা হয়। এতিয়া এই জলাশয়সমূহ পানীৰে পূৰ্ণ হৈ পৰিছে? ইয়াৰ লগতে সাত হাজাৰ গছপুলিও ৰোপণ কৰা হৈছে।
প্রধানমন্ত্রীয়ে 'মন কি বাত'ত কালি ভোটদাতা দিবস উপলক্ষে দেশবাসীক শুভেচ্ছা জনায় আৰু কয় যে ভোটদাতা গণতন্ত্ৰৰ আত্মা। তেওঁ নতুন ভোটাৰৰ বাবে মিঠাই বিতৰণৰো আহ্বান জনায়। প্রধানমন্ত্রীয়ে তেওঁৰ চৰকাৰৰ কাম-কাজৰ বিষয়ে উল্লেখ কৰি কয় যে ভাৰত এতিয়া বিশ্বৰ তৃতীয় সর্ববৃহৎ 'ষ্টার্ট আপ ইক' ছিষ্টেম' হৈ পৰিছে। এই স্টার্ট আপ অসাধাৰণ বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ইয়াৰ বিষয়ে ১০ বছৰৰ আগতে কল্পনাও কৰিব পৰা নাছিল। প্রধানমন্ত্রীয়ে কয়, 'মই নিজৰ সেইসকল যুৱ সতীর্থক ছেলুট জনাইছোঁ যিসকলে কোনো এটা নহয় এটা ষ্টার্টআপৰ সৈতে জড়িত হৈ পৰিছে বা নতুন ষ্টার্ট আপ আৰম্ভ কৰিবলৈ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সামগ্ৰীৰ প্ৰসংগত কয়, 'আমাৰ সকলোৰে এটা মন্ত্ৰ হোৱা উচিত-মান, মান আৰু মান। মানৰ সৈতে কোনো ধৰণৰ বুজাপৰা কৰা নহ'ব বুলি আমি সিদ্ধান্ত লোৱা উচিত।' প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সংস্কৃতি আৰু উৎসৱৰ বিষয়ে উল্লেখ কৰি কয়, 'এতিয়া ভাৰতীয় সংস্কৃতি আৰু উৎসৱসমূহ সমগ্র বিশ্বতে পালন কৰা হৈছে।
বিদেশত ভাৰতীয় উৎসৱসমূহ অতি উৎসাহেৰে পালন কৰা হয়। বিদেশত থকা ভাৰতীয়সকলে নিজৰ ভাষা আৰু সংস্কৃতিক আগবঢ়াই নিছে। মালয়েছিয়াত ৫০০তকৈ অধিক তামিল স্কুল আছে। তাত তামিলৰ লগতে আন ভাৰতীয় ভাষাকো গুৰুত্ব দিয়া হৈছে। জনসাধাৰণৰ অংশগ্রহণ আৰু সমূহীয়াভারে থকাটো দেশৰ আটাইতকৈ ডাঙৰ শক্তি। আগতে মন্দিৰত ভজন শুনাৰ পৰম্পৰা আছিল। প্ৰতিটো যুগতে ভক্তিক সময় অনুসাৰে পালন কৰা হৈছে। এতিয়াৰ যুৱ শক্তিক নিজৰ অভিজ্ঞতা তথা জীৱনশৈলীৰ সৈতে জড়িত কৰা হৈছে। গুজৰাটৰ বেচৰাজীৰ চন্দনকীৰ গাঁৱৰ পৰম্পৰা নিজেই আচৰিত ধৰণৰ। গাঁৱখনৰ লোকসকলে বিশেষকৈ বৃদ্ধসকলে নিজৰ ঘৰত খাদ্য নাৰান্ধে বুলি ক'লে আপোনালোক আচৰিত হ'ব। ইয়াৰ কাৰণ হ'ল গাঁওখনৰ সমূহীয়া ৰন্ধনশালা ।