ডিজিটেল ডেস্ক : দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (পি এম অ') ঠিকনা অচিৰেই সলনি হ'ব। মকৰ সংক্ৰান্তিৰ দিনাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় সেৱা তীর্থ প্রকল্পলৈ সলনি হোৱাৰ সম্ভাৱনা আছে। প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্মাণকার্য প্রায় সম্পূর্ণ হৈছে আৰু এতিয়া চূড়ান্ত পৰ্যায়ৰ কামসমূহ চলি আছে। প্ৰধানমন্ত্ৰীৰ নতুন কার্যালয়টো ৰায়চিনা হিল্লুৰ তলতে নিৰ্মাণ কৰা হৈছে। ইয়াত উচ্চ প্রযুক্তিসম্পন্ন তিনিটা ভৱন আছে আৰু ভৱনকেইটৰ নাম দিয়া হৈছে সেৱা তীৰ্থ-১, সেৱা তীৰ্থ-২ আৰু সেৱা তীৰ্থ-৩।
এখন ইংৰাজী দৈনিকে প্রকাশ কৰা মতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ১৪ জানুৱাৰীত ছাউথ ব্লকৰ পৰা নতুন সেৱা তীর্থ প্রকল্পলৈ স্থানান্তৰ হ'ব। সেৱা তীৰ্থ-১লৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, সেৱা তীর্থ-২লৈ কেবিনেট সচিবালয় আৰু সেৱা তীৰ্থ-৩লৈ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সচিবালয় স্থানান্তৰিত হ'ব। ইয়াতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ কাৰ্যালয় থাকিব। অৱশ্যে, আন একাংশ সংবাদ মাধ্যমে সূত্ৰসমূহৰ উদ্ধৃতি দি কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় স্থানান্তৰৰ বাবে দুটা শুভ মুহূৰ্ত নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে প্ৰথমটো শুভ মুহূর্ত ১৪ জানুৱাৰী, মকৰ সংক্ৰান্তিৰ দিনা। আনহাতে ১৯-২৭ জানুৱাৰীৰ ভিতৰতো শুভ মুহূর্ত আছে বুলি কোৱা হৈছে। পি এম অ'ৰ অন্তিম পৰ্যায়ৰ কাম-কাজসমূহ শেষ নহ'লে তেতিয়া ১৪ জানুৱাৰীৰ পৰিৱৰ্তে ১৯-২৭ জানুৱাৰীৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয় স্থানান্তৰ কৰা হ'ব অথবা ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হ'ব।
উল্লখযোগ্য যে প্ৰধানমন্ত্ৰীৰ নতুন কাৰ্যালয় চেন্ট্রে ভিষ্টা প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে। নতুন পি এম অ'ৰ কাষতে প্ৰধানমন্ত্ৰীৰ নতুন বাসভৱনো নিৰ্মাণ কৰি থকা হৈছে। নতুন বাসভৱনটো সম্পূৰ্ণ হোৱাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী লোক কল্যাণ মার্গত থকা বৰ্তমানৰ বাসভৱনৰ পৰা তালৈ যাব। উল্লেখযোগ্য যে প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নাম পূর্বতে এগজিকিউটিভ এনক্লেভনাম দিয়া হৈছিল। পাছত ইয়াৰ নাম সেৱা তীৰ্থ কৰা হয়। একে সময়তে সমগ্র দেশৰে ৰাজভৱনসমূহৰ নাম সলাই লোক ভৱনো কৰা হয়। সেৱা তীর্থত গণ্য-মান্য অতিথিসকলক দেখা কৰাৰ বাবে অত্যাধুনিক কোঠা নিৰ্মাণ কৰা হৈছে। ইয়াত কেবিনেট বৈঠকৰ বাবেও বিশেষ কোঠাৰ নিৰ্মাণ কৰা হৈছে। নতুন পি এম অ'ত বিষয়াসকলৰ বাবে মুকলি মজিয়াৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে দেশে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ছাউথ ব্লকত আছিল। নর্থ ব্লকত গৃহ মন্ত্ৰ্যালয় আৰু বিত্ত মন্ত্ৰ্যালয়ৰ কার্যালয় আছিল। দুয়োটা ম্যালয় কর্তব্য ভৱনলৈ স্থানান্তৰ কৰা হয়। ইংৰাজৰ দিনতে নিৰ্মাণ কৰা নৰ্থ আৰু ছাউথ ব্লকক সংগ্ৰহালয়ৰূপে গঢ়ি তোলা হ'ব।