এনিমেচন ভিডিঅ’ ৰূপত মুকলি কুঁহিপাঠৰ ‘অ' ফুল অ' ফুল নুফুল কিয়’ শীৰ্ষক কবিতা 

Kakali Deka February 23, 2025

ডিজিটেল ডেস্কঃ ৯০ দশকত শিক্ষা জীৱনৰ আদিপাঠ স্বৰূপ 'কুঁহিপাঠ’ পাঠ্যপুথিৰ কবিতাসমূহে নষ্টালজিক কৰি তোলে। শৈশৱৰ সময়খিনি মধুৰ কৰি তোলা সেই কবিতা আজি শিশুসকলৰ বাবে আকৰ্ষণীয় ৰূপত লৈ আহিছে৷ নগাঁৱৰ কিডছ নিকেটনত মুকলি কৰা হয় "অ' ফুল অ' ফুল নুফুল কিয়" শীৰ্ষক 'কুঁহিপাঠ’ৰ  কবিতাটোৰ এনিমেচন ভিডিঅ’। 

ইংৰাজী আৰু হিন্দীৰ কাৰ্টুনৰ প্ৰতি আসক্ত শিশুসকলক মাতৃভাষা অসমীয়া আয়ত্ত কৰাৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ উদ্দেশ্যে কবিতাটি অসমীয়া এনিমেচনৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে। ৯০ দশকৰ পাঠ্যপুথিৰ অসমীয়াৰ কবিতাসমূহ জীয়াই ৰাখিবলৈও এ এন প্ৰডাকশ্যনে এনিমেচনৰ যোগেদি এই প্ৰচেষ্টা গ্ৰহন কৰিছে।

কবিতাটোৰ এনিমেচন ভিডিঅ’টোৰ শুভমুক্তি অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে নূপুৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য নাথ ভট্টাচাৰ্য। এই সুন্দৰ পদক্ষেপক তেওঁ শলাগ লোৱাৰ লগতে ভাষা এটা জীয়াই ৰখাৰ ক্ষেত্ৰত এনে পদক্ষেপসমূহে সাম্প্ৰতিক পৰিস্থিতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। এই ধৰণৰ পদক্ষেপে শিশু  সকলক অসমীয়া ভাষাৰ প্ৰতি আকৰ্ষিত কৰি তুলিব বুলিও মতপ্ৰকাশ কৰে ভট্টাচাৰ্যই। এ এন প্ৰডাকশ্যনৰ বেনাৰত মুকলি হোৱা কবিতাটোৰ এনিমেচন ভিডিঅ'টোত কণ্ঠদান কৰিছে অঞ্জলি কটকী, নৱনীতা শৰ্মাৰ লগতে শিশু শিল্পী আৰ্ভি, ৰিধি, ৰীয়ান আৰু জিয়ায়ে।

উৎসঃ প্ৰাগ নিউজ ডিজিটেল
 

Share This