ডিজিটেল ডেস্ক : কেৱল সহায় বিচৰাই নহয়, ভাৰতৰ অংশ হ'ব বিচাৰে পাকিস্তান অধিকৃত কাশ্মীৰৰ (পি অ' কে) জনতা। পাকিস্তানৰ শোষণ-উৎপীড়নৰ বিৰুদ্ধে দেওবাৰে পি অ' কেত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অঞ্চলটোৰ ভাৰতৰে চামিলকৰণৰ দাবী উঠিল। প্রতিবাদী জনতাই ভাৰতৰ কাশ্মীৰ আৰু পি অ' কেৰ মাজৰ সীমা উঠাই দিয়াৰ দাবী জনায়। উল্লেখযোগ্য যে পাক চৰকাৰে শোষণ আৰু নির্যাতন চলাই অহাৰ অভিযোগত যোৱা প্ৰায় এমাহ ধৰি পি অ' কেৰ জনতাই আন্দোলন অব্যাহত ৰাখিছে।
জইণ্ট আৱামী একশ্যন কমিটীৰ (জে এ এ চি) নেতৃত্বত চলি থকা এই আন্দোলনত ইতিমধ্যে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ গুলী-লাঠীচালনাত অর্ধশতাধিক লোক নিহত হৈছে। দেওবাৰে প্ৰতিবাদী জনতাই পি অ' কেত সর্বাত্মক বন্ধৰ আহ্বান জনাইছিল। তাৰ মাজতে আন্দোলনত অংশ লোৱা ৰাইজে সমদলো বাহিৰ কৰে। পি অ' কেৰ আন্দোলনৰ অন্যতম নেতা চৰ্দাৰ আমান খানে দেওবাৰে ভাৰতৰ কাশ্মীৰৰ পুঞ্চ, মেন্ধাৰ, ৰাজৌৰি আৰু ডোডা জিলাৰ জনতাৰ পৰা পি অ' কেলৈ সহায়ৰ আহবান জনায়।
তেওঁ লগতে প্রতিবাদী জনতাক ভাৰত-পাক সীমান্ত অর্থাৎ লাইন অব্ কন্ট্ৰ'লৰ দিশে সমদলৰ বাবেও আহ্বান জনায়। ইফালে দেওবাৰে পি অ' কেত প্রতিবাদী জনতাৰ সমদলক লক্ষ্য কৰি পাকিস্তানৰ সেনাই গুলীচালনা কৰা বুলিও প্রকাশ পাইছে। অৱশ্যে গুলীচালনাত হতাহতৰ তথ্য প্ৰকাশ পোৱা নাই।