ম'বাইলেৰে ফটো তুলি জৰিমনা ল'ব নোৱাৰিব আৰক্ষীয়ে, অবৈধ পার্কিং

dainik janambhumi June 28, 2026

ডিজিটেল ডেস্ক : এতিয়াৰে পৰা ম'বাইলেৰে ফটো তুলি জৰিমনা সংগ্ৰহ কৰিব নোৱাৰিব মহানগৰ আৰক্ষীয়ে। পি অ' এছ ডিভাইচৰ জৰিয়তে ফটো উঠাইহে এতিয়াৰ পৰা যান-বাহন আৰক্ষীয়ে জৰিমনা বিহিব পাৰিব। হ্রাস পাব জৰিমনাৰ পৰিমাণো। আনহাতে, পুৱা ম'বাইলত ফটো উঠাই নিশা ফাইন কটা কাৰ্য বন্ধ কৰিব লাগিব। ইতিমধ্যে গুৱাহাটীৰ যান-বাহন আৰক্ষীক ১৭৯(১) ধাৰাৰ অধীনত 'ন' পার্কিং'ত জৰিমনা বিহাৰ নিয়ম সলনি কৰিবলৈ শীর্ষ বিষয়াই নিৰ্দেশ জাৰি কৰিছে। 

ইয়াৰ পৰিৱৰ্তে ইউ/এছ ১৭৭ অনুসৰিহে জৰিমনা সংগ্ৰহ কৰিব লাগিব। জাৰি কৰা নিৰ্দেশ অনুসৰি ম'বাইল কেমেৰাৰ পৰিৱৰ্তে পি অ' এছ ডিভাইচৰ জৰিয়তে ফটো উঠাইহে আৰক্ষীয়ে জৰিমনা বিহিব পাৰিব। এই জৰিমনাৰ মেছেজ বাহনৰ গৰাকীয়ে লগে লগে পাব লাগিব। পুৱা ম'বাইলত ফটো উঠাই নিশা ফাইন কাটিব নোৱাৰিব। 

ইউ/এছ ১৭৭ অনুসৰি জৰিমনা বিহাৰ লগে লগে জৰিমনাৰ পৰিমাণো ২ হাজাৰ টকাৰ পৰা ১ হাজাৰ টকালৈ হ্রাস পাব। উল্লেখযোগ্য যে যান-বাহন আৰক্ষীয়ে কৰা ভুলৰ বাবেই বহু গোচৰত জৰিমনা বহনকাৰী আদালতৰ দ্বাৰস্থ হোৱাৰ ফলত আৰক্ষী বিপদত পৰে। যাৰ বাবেই আৰক্ষীৰ শীর্ষ বিষয়াই এই ব্যৱস্থা গ্ৰহণ কৰিছে।

Share This