হাইটিৰ জাৰ্জীত পোলেণ্ডৰ ৰাষ্ট্ৰীয় পতাকা, স্বাধীনতা আন্দোলনত সহযোগিতা আগবঢ়োৱাৰ স্বীকৃতি

dainik janambhumi June 12, 2026

ডিজিটেল ডেস্ক : সুদীর্ঘ ৫২ বছৰীয়া অপেক্ষাৰ অন্তত পুনৰ ফুটবল বিশ্বৰ সৰ্বোচ্চ মঞ্চলৈ উভতি আহিছে হাইটি। ১৯৭৪ চনৰ পাছত এই প্রথম তেওঁলোকে বিশ্বকাপত খেলিব। এইবাৰ হাইটিৰ জাছীক লৈও চর্চা চলিছে। কাৰণ হাইটিৰ জাৰ্ছীত স্থান পাইছে পোলেণ্ডৰ ৰাষ্ট্ৰীয় পতাকাই। ইয়াকে লৈ ফুটবলপ্রেমী কৌতূহলী হৈ উঠিছে। হিস্পানিঅ'লা দ্বীপৰ দেশখনৰ জাৰ্ছীত ইউৰোপৰ এখন দেশৰ প্রতীকে কিয় স্থান পাইছে। ইয়াৰ উত্তৰ লুকাই আছে দুই শতাব্দীৰ অধিক পুৰণি ইতিহাসৰ পাতত। ১৮০২ চনৰ সেই উত্তাল সময়। সেই সময়ত হাইটি আছিল ফৰাচী উপনিৱেশ। 

দেশখনৰ আকাশত তেতিয়া স্বাধীনতাৰ অগ্নিশিখা। সকলো দিশতে ক্রীতদাসৰ বিদ্ৰোহ। সেই বিদ্রোহ দমন কৰিবলৈ তৎকালীন ফৰাচী শাসক নেপোলিয়ন বোনাপাৰ্টৰ নিৰ্দেশত প্ৰেৰণ কৰা হৈছিল ৫০০০ সৈন্য। এই সৈন্য বাহিনীৰ এটা বৃহৎ অংশ আছিল তৎকালীন বিভক্ত আৰু পৰাধীন পোলেণ্ডৰ পৰা অহা। নিজৰ দেশে যেতিয়া স্বাধীনতাৰ সপোনত ছটফট কৰিছে, তেতিয়া তেওঁলোকে ফ্ৰান্সৰ হৈ যুদ্ধ কৰিবলৈ আহিলেও অনেকেই হৃদয়ত এটা আশা কঢ়িয়াই লৈ ফুৰিছিল। যদি ফ্রান্সক সহায় কৰিব পৰা যায় তেন্তে ভৱিষ্যতে তেওঁলোকে পোলেণ্ডৰ স্বাধীনতা আন্দোলনৰ সময়ত হাইটি থিয় দিব। কিন্তু হাইটিৰ মাটিত ভৰি দিয়াৰ পাছতেই সেই সেনাৰ অনেকেই বুজি উঠে যে এই যুদ্ধ আচলতে স্বাধীনতাৰ বাবে যুঁজ চলাই অহা ক্রীতদাসৰ বিৰুদ্ধেহে। সেয়ে, পোলেণ্ডৰ সেনাই ফৰাচী বাহিনীৰ বিৰুদ্ধে অস্ত্র তুলি লয়। যোগ দিয়ে বিদ্রোহীৰ দলত। মূৰকত দীর্ঘ সংগ্ৰামৰ অন্তত ১৮০৪ চনত হাইটিয়ে স্বাধীনতা অর্জন কৰে। 

হাইটিৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামত পোলেণ্ডৰ সেনাৰ অৱদানৰ স্বীকৃতি দিবলৈ নাপাহৰে হাইটিয়ে। সেই সময়ত হাইটিত থকা প্রায় ৫০০ পোলেণ্ডৰ সেনাক মাটি ক্রয় কৰিবলৈ সুযোগ দিয়া হয়। সেই অনুসৰি তেওঁলোকে পোলেণ্ডত স্থায়ীভাবে থাকিবলৈ আৰম্ভ কৰে। আজিও দুই জাতিৰ ইতিহাসত এক অটুট সেতুবন্ধনৰ কাম কৰে। দুই দেশৰ এই ঐতিহাসিক বন্ধুত্বৰ চিন হিচাপে বিশ্বকাপৰ মঞ্চত হাইটিৰ জাৰ্ছীত স্থান দিয়া হৈছে পোলেণ্ডৰ পতাকাক।

Share This