ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বিহাৰ আৰু পশ্চিম বংগ কঁপাই তুলিছে এলানি হত্যাকাণ্ডই। ইয়াৰে কিছুমান ৰাজনৈতিক প্রণোদিত, আন কিছুমান হৈছে দীর্ঘ দিনৰ ব্যাৱসায়িক বিবাদৰ। কেন্দ্রীয় মন্ত্ৰীয়ে হত্যাৰ ভাবুকি পোৱাৰ পৰা ব্যৱসায়ীক শীতল মগজুৰে হত্যা কৰা এনে কাগুবোৰে এই দুখন ৰাজ্যৰ আইন-শৃংখলাৰ অৱনতি ঘটাৰ আশংকা পুনৰ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় মন্ত্রী তথা লোক জনশক্তি পাৰ্টিৰ মুৰব্বী বিহাৰৰ চিৰাগ পাছোৱানক দুদিনমান আগতে ইনস্টাগ্রামত দিয়া হৈছে হত্যাৰ ভাবুকি।
'টাইগাৰ মেৰাজ ইডিচি' নামৰ এটা একাউণ্টৰ পৰা এজন সাংবাদিকৰ সামাজিক মাধ্যমৰ হেণ্ডেলত দিয়া ভাবুকিয়ে গভীৰ উদ্বেগ সৃষ্টি কৰিছে। ইফালে ৪ জুলাইত প্রভাবশালী ব্যৱসায়ী তথা বিজেপি নেতা গোপাল খেমকাক পাটনাৰ গান্ধী ময়দানৰ ৰাম গোলাম চকত থকা তেওঁৰ বাসভৱনৰ সমীপতে গুলীয়াই হত্যা কৰা হয়। মগধ হস্পিটেলৰ স্বত্বাধিকাৰী খেমকাই নিজৰ গাড়ীৰ পৰা নামোতেই তেওঁক গুলীয়াই হত্যা কৰা হৈছিল।
বিজেপি কিষাণ মৰ্চাৰ প্ৰাক্তন নেতা সুৰেন্দ্ৰ প্রসাদে শেখপুৰাত নিজৰ খেতিপথাৰত জলসিঞ্চন কৰি থাকোঁতেই ৬ জুলাইত অচিনাক্ত দূর্বৃত্তই গুলীচালনা কৰে। স্থানীয় লোকে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও তেওঁৰ মৃত্যু হয়। বাতৰি মতে, বিহাৰত ৪ জুলাইত গোপাল খেমকাক হত্যা কৰাৰ পাছত প্রায় এক ডজন গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ৬ জুলাইত খগৌলত অজিত কুমাৰ নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এজন প্রশাসকক গুলীয়াই হত্যা কৰা হয়। ১০ জুলাইত পশ্চিম পাটনাৰ ৰাণী বাজাৰত ঘৰৰ সমীপতে বালি ব্যৱসায়ী ৫০ বছৰীয়া ৰামকান্ত যাদৱক গুলীয়াই হত্যা কৰা হয়। ১০ জুলাইতে মধ্য পাটনাৰ ভেটেৰিনেৰী কলেজ ময়দানত মায়ংক নামৰ এজন লোকক হাতত গুলী কৰা হয়। ১২ জুলাইত ৪০ বছৰীয়া এজন দোকানী বিক্রম ঝাক পূব পাটনাৰ বামকৃষ্ণ নগৰত গুলীয়াই হত্যা কৰা হয়। ১৩ জুলাইত চুলতানগঞ্জত জিতেন্দ্র মাহাতো নামৰ এজন প্রাক্তন অধিবক্তালৈ গুলীচালনা কৰা হয়। পাছত তেওঁৰ মৃত্যু হয়। ১৩ জুলাইতে সোহগী মোৰেত আলোক কুমাৰ নামৰ এজন মেকানিক গুলীচালনাত আহত হয় আৰু শ্বেখপুৰাত বিজেপিৰ কিষাণ মৰ্চাৰ সুৰেন্দ্ৰ প্ৰসাদো গুলীচালনাত প্রথমতে আহত হয় তথা পাছত তেওঁৰ মৃত্যু হয়।
ইফালে, পশ্চিম বংগত চাৰি দিনত হত্যা কৰা হয় তৃণমূল কংগ্ৰেছৰ তিনিজন নেতাক। এই ঘটনা সংঘটিত হয় বীৰভূম আৰু দক্ষিণ ২৪ পৰগনাত। বীৰভূম জিলাত তৃণমূল কংগ্ৰেছৰ নেতা তথা শ্রীনিধিপুৰ পঞ্চায়তৰ সভাপতি পীযূষ ঘোষক তেওঁৰ ঘৰৰ সমীপতে দুর্বৃত্তই গুলীয়াই হত্যা কৰে। দক্ষিণ ২৪ পৰগনাৰ তৃণমূল সমিতিৰ সভাপতি ৰাজ্জাক খানকো গুলীয়াই হত্যা কৰা হৈছে। আনহাতে, মালদহত নিজৰ জন্ম দিবস উদযাপন কৰি থকাৰ সময়তে হত্যা কৰা হয় তৃণমূল কংগ্ৰেছৰ পঞ্চায়ত পৰ্যায়ৰ কৰ্মী আবুল কালাম আজাদক। উল্লেখযোগ্য যে বিহাৰত অহা নৱেম্বৰত আৰু পশ্চিম বংগত ২০২৬ চনৰ মার্চ-এপ্ৰিলত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। সেয়ে, নিৰ্বাচনৰ আগত এনে ৰাজনৈতিক হত্যাবোৰে আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত সৃষ্টি কৰিছে উদ্বেগৰ ।