ডিজিটেল ডেস্কঃ আগন্তুক দুর্গা পূজাৰ ধামখুমীয়াৰ মাজতে পশ্চিম বংগত অহা বর্ষত অনুষ্ঠিত হ'ব লগা বিধানসভাৰ নির্বাচনক লৈ ৰাজ্যখনৰ শাসক-বিৰোধী ৰাজনৈতিক দলবোৰ তৎপৰ হৈ পৰিছে।
ৰাজ্যখনত বিজেপিয়ে ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ ৰণ-কৌশল প্রস্তুত কৰিছে। শাসকীয় তৃণমূল কংগ্রেছ (টি এম চি) আৰু বিৰোধী বিজেপি দুয়োটা দলে পূজাৰ মণ্ডপবোৰ ব্যৱহাৰ কৰি ভোটাৰৰ কাষ চপাৰ পৰিকল্পনা কৰিছে।
অহা বছৰত অনুষ্ঠিত হ'বলগীয়া পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে প্রস্তুতি চলাবলৈ শাসক-বিৰোধীয়ে দুর্গা পূজাৰ মণ্ডপবোৰক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। বিজেপিয়ে গৃহ মন্ত্রী অমিত শ্বাহক দুর্গা পূজাৰ উৎসৱত অংশ লোৱাৰ বাবে নিমন্ত্রণ জনাইছে আৰু টি এম চিয়ে পূজাৰ মণ্ডপে মণ্ডপে নির্বাচনী এজেণ্ডা প্ৰচাৰ কৰাৰ লক্ষ্য লৈছে।
টি এম চিয়ে বিজেপি শাসিত ৰাজ্যত বাংলাভাষী শ্রমিকৰ নিৰ্যাতনৰ বিষয়ত এজেণ্ডা পূজা মণ্ডপত প্ৰচাৰ কৰিবলৈ প্ৰস্তুতি চলাইছে।
ইফালে, বিজেপিয়ে প্ৰচাৰ চলাইছে যে দুর্গা পূজা কেৱল পশ্চিম বংগতেই নহয়, সমগ্র দেশত উদযাপন কৰা হয়। বঙালীসকলৰ ভাবনা আৰু সাংস্কৃতিক দৃষ্টিভংগী সমগ্র দেশতেই প্ৰচাৰ হৈ আছে বুলি বিজেপিয়ে মন্তব্য কৰে।