ডিজিটেল ডেস্ক : বাংলাদেশত ৰাজনৈতিক অস্থিৰতা এতিয়া চৰম পৰ্যায় পাইছেহি। দেশখনৰ অন্তৰ্ৱর্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ আৰু সেনা প্রধান জেনেৰেল ৱাকাৰ-উজ-জামানৰ মাজত হোৱা অন্তঃকন্দল দিনকদিনে বৃদ্ধি পাইছে। দেশখনত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে প্রচেষ্টা চলাই থকা সেনাৰ মুৰব্বীজনে শেহতীয়াকৈ মহম্মদ ইউনুছৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে। বুধবাৰে বাংলাদেশৰ সেনাৰ মুৰব্বীজনে ঢাকাস্থিত সেনাৰ মুখ্য কাৰ্যালয়ত সকলো বিষয়াকে সম্বোধন কৰি কয় যে দেশখনলৈ এখন নির্বাচিত চৰকাৰৰ শাসন ব্যৱস্থা নহালৈকে কোনোধৰণৰ বিদেশীক বাংলাদেশত মানৱীয় কৰিড'ৰ স্থাপন কৰিবলৈ দিয়া নহ'ব আৰু কোনো ধৰণৰ বিদেশী ৰাষ্ট্ৰক দেশখনৰ বিমান বন্দৰসমূহ আবণ্টন দিয়া নহ'ব।
সূত্রসমূহে প্ৰকাশ কৰা অনুসৰি জামানে শেহতীয়াকৈ দেশখনৰ সাৰ্বভৌমত্ব আৰু ভূ-ৰাজনৈতিক দিশত অস্থিৰ কৰিব পৰা যিকোনো শক্তিক প্রতিহত কৰাৰ পণ লোৱাৰ পাছতেই এনেধৰণে মুখ্য সেনাধ্যক্ষজনে বুধবাৰে মন্তব্য কৰে। সেনাধ্যক্ষজনৰ এই মন্তব্যক উচ্চ প্রশংসা কৰে সেনা বিষয়াসকলে। দেশৰ সেনা বাহিনীক অন্ধকাৰত ৰাখি মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনে লোৱা সিদ্ধান্তসমূহৰ বিষয়তো উদ্বিগ্নতা প্রকাশ কৰে মুখ্য সেনাধ্যক্ষজনে। তেওঁ কয় যে ২০২৬ চনৰ ১ জানুৱাৰীৰ ভিতৰত বাংলাদেশলৈ এখন নির্বাচিত চৰকাৰ অনাৰ ব্যৱস্থা কৰিব লাগিব। বাংলাদেশত বৃদ্ধি হোৱা মৌলবাদীৰ কর্মৰাজিতো উদ্বিগ্ন হয় সেনা প্রধানগৰাকী। যোৱা সোমবাৰে ঢাকা-ভিত্তিক মার্কিন কূটনীতিবিদসকলৰ সৈতে আলোচনাত মিলিত হয় মুখ্য সেনাধ্যক্ষ জামান।
দেশখনলৈ ইছলামিক উগ্রপন্থীৰ বৰ্ধিত ভাবুকিৰ লগতে আঞ্চলিক অস্থিৰতা, বাংলাদেশ-ম্যানমাৰৰ সীমান্তয়েদি ৰহিঙীয়া শৰণাৰ্থীক ইউনুছ চৰকাৰে 'মানৱীয় কৰিড'ৰ' প্রদান কৰিবলৈ লোৱা সিদ্ধান্ততো উদ্বিগ্ন হৈ আছে সেনা প্রধানজন। ইফালে, বিগত বৰ্ষত দেশখনৰ শাসনৰ পৰা আৱামী লীগৰ মুৰব্বী প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছতেই দেশখনত ইছলামিক মৌলবাদী সংগঠনসমূহে গা কৰি উঠিছে। তদুপৰি, বহুকেইজন দুর্ধর্ষ সন্ত্রাসবাদীক ইউনুছ চৰকাৰে জে'লৰ পৰা মুকলি কৰি দিছে। ইয়াৰ মাজতে মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনে আৱামী লীগক দেশখনত নিষিদ্ধ কৰে। ইয়াৰ পাছতে আৱামী লীগৰ সমর্থকসকলে এই সিদ্ধান্তক অ-সাংবিধানিক বুলি আখ্যা দি দেশজুৰি তীব্র আন্দোলনৰ হুংকাৰ দিয়ে। শ্বেখ হাছিনাই সমর্থকসকলক এখন ভার্চুৱেল সভাৰ জৰিয়তে সম্বোধন কৰি কয় যে তেওঁলোকে এই সিদ্ধান্ত গ্রহণ নকৰে। ইফালে, দেশখনত আৱামী লীগৰ সমর্থকসকলক বাছি বাছি গ্ৰেপ্তাৰ কৰা হৈছে অথবা নির্যাতন চলোৱা হৈছে। এই নিৰ্যাতনৰ বিৰুদ্ধে ঘোৰ প্ৰতিবাদ কৰিছে আৱামী লীগৰ সমৰ্থকসকলে। বর্তমান বাংলাদেশত চৰম ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছে। বাংলাদেশৰ ভিতৰতে বিভিন্ন দল-সংগঠন, ৰাজনৈতিক দলৰ মাজত হোৱা বিবাদে চৰম পৰ্যায় পাইছেগৈ।