বি এম চিকে ধৰি মহাৰাষ্ট্ৰৰ ২৯খন পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন

dainik janambhumi January 16, 2026

ডিজিটেল ডেস্ক : বৃহনমুম্বাই পৌৰ নিগমকে ধৰি মহাৰাষ্ট্ৰৰ ২৯খন পৌৰ নিগমৰ নিৰ্বাচনৰ বৃহস্পতিবাৰে ভোটগ্রহণ পর্ব সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়ুক্ত দীনেশ বাঘমাৰেই কয় যে বৃহস্পতিবাৰে পুৱা ৭-৩০ বজাত আৰম্ভ হোৱা ভোটগ্রহণ পর্ব সন্ধিয়া ৫-৩০ বজাত অন্ত পৰে। ভোটদানৰ হাৰ ৪৬-৫০ শতাংশ বুলি তেওঁ প্রকাশ কৰে। 

২৯খন পৌৰ নিগমৰ ৮৯৩টা বাৰ্ডৰ ২,৮৬৯খন আসনৰ বাবে এই নির্বাচন অনুষ্ঠিত হৈছে। এই পৌৰ নিগমসমূহত ৩.৪৮ কোটি ভোটাৰে নিৰ্ধাৰণ কৰিব ১৫,৯৩১গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰ ভিতৰতে আছে ভাৰতৰ আটাইতকৈ চহকী পৌৰ নিগম বৃহনমুম্বাই পৌৰ নিগম (বি এম চি)। যাৰ বছৰেকীয়া বাজেট প্রায় ৭৪,৪০০ কোটি টকা। বি এম চিৰ নিৰ্বাচনৰ বাবে ২২৭খন আসনত ১,৭০০ প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। 

বি এম চিৰ নিৰ্বাচনৰ এইবাৰৰ উল্লেখযোগ্য দিশটো হৈছে শিৱ সেনা (উদ্ধৱ থাকৰে) আৰু মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাৰ মিত্ৰতা। বিজেপিক প্ৰতিৰোধৰ লক্ষ্যৰে প্ৰায় ২০ বছৰৰ পাছত পুনৰ মিলন ঘটিল দুই ভাতৃ উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেৰ। শুকুৰবাৰে নিৰ্বাচনৰ ভোটগণনা হ'ব আৰু ফলাফল ঘোষণা কৰা হ'ব।

Share This