অসাৰ হ'ল পলিথিন নিষিদ্ধৰ ঘোষণা, ফুটুকাৰ ফেন হ'ল পৌৰ নিগমৰ ঘোষণা 

dainik janambhumi June 05, 2025

ডিজিটেল ডেস্ক : প্লাষ্টিক পলিথিন সহজে নপচে আৰু এই অপচনীয় আবর্জনাই সমগ্র বিশ্বকে ব্যাপক ধৰণে প্ৰদূষিত কৰি তুলিছে। দেশত প্লাষ্টিকৰ বিৰুদ্ধে যিমানেই সজাগতা চলিছে, তাৰ বিপৰীতে গুৱাহাটীত এতিয়াও মুকলিকৈ একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ বিক্ৰী আৰু ব্যৱহাৰ হৈ আছে। অসম চৰকাৰৰ প্লাষ্টিক বৰ্জনৰ আইনৰ অধীনত মহানগৰত বিভিন্ন সময়ত প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ বাবে নিৰ্দেশনা প্রদান কৰা হৈ আহিছে যদিও কোনো সফলতা লাভ কৰা নাই। আইন অনুসৰি ব্যৱসায়ীসকলে ৪০ মাইক্ৰনৰ তলৰ প্লাষ্টিকৰ বেগ বিক্ৰী কৰাটো নিষিদ্ধ। কিন্তু মহানগৰৰ বজাৰ, ব্যাৱসায়িক প্রতিষ্ঠানসমূহত ব্যৱসায়ীসকলে গ্রাহকক প্রতিদিনে সামগ্ৰীৰ লগত পৰিৱেশ ধ্বংসকাৰী ৪০ মাইক্ৰনৰ তলৰ প্লাষ্টিকৰ পলিথিন দি থকাটো পৰিলক্ষিত হৈছে। 

উল্লেখযোগ্য যে বিভিন্ন সময়ত গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা সকলোকে প্লাষ্টিকৰ পলিথিন ব্যৱহাৰ নকৰিবলৈ প্ৰচাৰ চলোৱাৰ লগতে পৰৱৰ্তী সময়ত আইনৰ অধীনত পৌৰ নিগমে পলিথিন ব্যৱহাৰ কৰা ব্যৱসায়ীৰ লগতে গ্ৰাহকৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰি জৰিমনা পর্যন্ত বিহাৰ বাবে সিদ্ধান্ত লৈছিল। বিশেষকৈ গুৱাহাটীৰ মেয়ৰ হিচাপে প্ৰথমবাৰৰ বাবে দায়িত্ব গ্রহণ কৰিয়েই গুৱাহাটী পৌৰ নিগমৰ বজাৰ পৰিদৰ্শন কৰি মেয়ৰ মৃগেন শৰণীয়াই বজাৰত প্লাষ্টিকৰ বেগ নিষিদ্ধ হ'ব বুলি ঘোষণা কৰি প্লাষ্টিকৰ বেগৰ পৰিৱৰ্তে ব্যৱসায়ীয়ে কাগজ আৰু কাপোৰেৰে নিৰ্মাণ কৰা বেগ ব্যৱহাৰ কৰিব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছিল। তদুপৰি পৌৰ নিগমৰ অধীনত থকা বজাৰসমূহত প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ বন্ধ কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ নির্দেশ অমান্য কৰি প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ'ব বুলিও জানিবলৈ দিছিল। ইফালে ২০২০ চনৰ ডিচেম্বৰ মাহতেই কামৰূপ মহানগৰ জিলা প্রশাসনে গুৱাহাটী মহানগৰত তৎকালে বলবৎ হোৱাকৈ প্লাষ্টিকৰ বেগ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছিল। 

সেই সময়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে এক নির্দেশযোগে ৪০ মাইক্ৰনৰ তলৰ প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰি মহানগৰত প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা লোকসকলে জৰিমনা ভৰিব লাগিব বুলি নির্দেশটোত উল্লেখ কৰিছিল। উপায়ুক্তগৰাকীয়ে পৌৰ নিগমৰ অধীনত থকা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ ব্যাৱসায়িক প্ৰতিষ্ঠানত প্লাষ্টিকৰ বেগৰ ব্যৱহাৰৰ বিৰুদ্ধে অভিযান চলাবলৈও নির্দেশ দিছিল। গুৱাহাটী পৌৰ নিগম আইন-১৯৬৯ৰ অধীনত এই জৰিমনা বিহা হ'ব বুলি উপায়ুক্ত পেগুৱে জানিবলৈ দিছিল। এই নির্দেশ মতে, পৌৰ নিগমৰ এটা বিশেষ দলে এই সকলোবোৰ চোৱা-চিতা কৰাৰ কথা আছিল। কিন্তু বাস্তৱত এই ঘোষণা আজিলৈকে অসাৰ হৈয়ে থাকিল।

Share This