শনিবাৰে শেষকৃত্য অনুষ্ঠান পোপ ফ্রান্সিছৰ

dainik janambhumi April 23, 2025

ডিজিটেল ডেস্কঃ পোপ ফ্রান্সিছৰ শেষকৃত্য অনুষ্ঠান শনিবাৰে অর্থাৎ ২৬ এপ্ৰিলৰ দুপৰীয়া ১-৩০ বজাত ছেইন্ট পিটাৰ্ছ বেছিলিকাৰ কাষত সম্পন্ন কৰা হ'ব। ইয়াৰ পাছত তাৰ পৰা তেওঁৰ মৃতদেহ ৰখা কফিন উলিয়াই নিয়া হ'ব আৰু সমাধিষ্ঠ কৰাৰ কাৰণে ছাণ্টা মেগীগ'ৰৰ ৰোমৰ বেছিলিকালৈ লৈ যোৱা হ'ব।

ভেটিকান চিটিয়ে এই কথা প্রকাশ কৰে। ভোটকান চিটিয়ে প্রকাশ কৰা মতে সোমবাৰে পোপৰ মৃত্যু হয় হৃৎপিণ্ডৰ ক্রিয়া বন্ধ হৈ। তেওঁৰ মৃত্যুৰ পাছত ৯ দিনীয়া শোক পালন কৰা হৈছে। ইয়াৰ পাছত নতুন পোপ বাছনিৰ বাবে বিশ্বৰ বিভিন্ন স্থানৰ ১৩৫জন কার্ডিনেল মিলিত হ'ব। ইয়াৰে চাৰিজন কার্ডিনেল ভাৰতৰ।

ভাৰতৰ হৈ পোপৰ বাছনী প্ৰক্ৰিয়াত অংশ গ্রহণ কৰিবলগীয়া কার্ডিনেলকেইজন হ'ল ক্রমে গোৱা আৰু দমনৰ মেট্রপলিটান আর্কবিশ্বপ ফিলিপ নেৰী ফেৰাও, মেজৰ আৰ্কবিশ্বপ অব ত্রিবান্দ্ৰম অব ছিৰো-মালংকাৰা বেছলিঅ'জ ক্লিমিজ, হায়দৰাবাদৰ মেট্রপলিটান আর্কবিশ্বপ এন্থনী পুলা আৰু কেৰালাৰ জৰ্জ জেকব কুৱাকড়।

Share This