ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইজৰাইলৰ আক্রমণৰ প্রতিশোধকল্পে ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ পাছতে গুৰুত্ব বৃদ্ধি পাইছে ইউ এ ইব কুজাইৰা বন্দৰৰ। হৰমুজ প্রণালীৰ পৰা প্রায় ১৩০ কিল'মিটাৰ দূৰত্বৰ তথা সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ অন্তৰ্গত কুজাইৰা বন্দৰ সম্প্রতি তৈল বাণিজ্যৰ কেন্দ্র হৈ পৰিছে।
ওমান উপসাগৰত অৱস্থিত এই বন্দৰটো এতিয়া জাহাজত ইন্ধন ভৰোৱা আৰু খাৰুৱা তেলৰ লগতে ইন্ধন ৰপ্তানিৰ ক্ষেত্রত গোলকীয় হাব হৈ পৰিছে। তথ্য অনুসৰি, যোৱা বর্ষত প্রতিদিনে এই বন্দৰৰ পৰা গড়ে ১.৭ নিযুত বেৰল খাৰুৱা তেল আৰু পৰিশোধিত ইঞ্জন ৰপ্তানি কৰা হৈছিল।
কিন্তু শেহতীয়াকৈ হৰমুজ প্রণালী বন্ধ হৈ থকাত বিশ্বজুৰি এই বন্দৰটোৰ গুৰুত্ব বহুগুণে বৃদ্ধি পাইছে। ইফালে ইউ এ ইৰ বাবেও কুজাইৰা বন্দৰৰ যথেষ্ট গুৰুত্ব আছে। এই বন্দৰেৰেই ইউ এ ইয়ে বৃহৎ পৰিমাণৰ খাৰুৱা তেল এছিয়া আৰু আন মহাদেশলৈ ৰপ্তানি কৰে।