প্ৰশ্নকাকত ফাদিলৰ পাছত এন টি এৰ সিদ্ধান্ত, নীট-ইউ জি পৰীক্ষাৰ্থীৰ পৰীক্ষা মাচুল ঘূৰাই দিয়াৰ প'র্টেল মুকলি

dainik janambhumi May 22, 2026

ডিজিটেল ডেস্ক: নীট-ইউ জি ২০২৬ পৰীক্ষাৰ প্রশ্নকাকত ফাদিল হোৱাৰ পাছত ৩ মে'ত অনুষ্ঠিত হ'বলগা পৰীক্ষা বাতিল কৰিছিল ৰাষ্ট্ৰীয় টেষ্টিং এজেঞ্চিয়ে (এন টি এ)। বৃহস্পতিবাৰে এন টি এই পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা মাচুল ঘূৰাই দিয়াৰ বাবে এটা 'ৰিফাণ্ড প'ৰ্টেল' মুকলি কৰে। 

অৱশ্যে, ঘূৰাই দিয়া পৰীক্ষা মাচুলৰ ভিতৰত 'বেংকৰ চাৰ্জ' অন্তর্ভুক্ত নহ'ব। পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ বেংকৰ বিশদ, একাউণ্টধাৰীৰ নাম, একাউণ্ট নম্বৰ আই এফ এছ চি কোড আৰু বেংকৰ নাম সঠিককৈ পূৰণ কৰাৰ বাবে
পৰামৰ্শ দিয়া হৈছে যাতে ৰিফাণ্ডৰ প্রক্রিয়া সুকলমে সম্পাদন কৰিব পৰা যায়। সাধাৰণ শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে ১৭০০ টকা, অ' বি চি প্রার্থীয়ে ১৬০০ টকা, এছ চি-এছ টি প্রার্থীয়ে ১০০০ টকা ঘূৰাই পাব। আনহাতে, এন টি এই স্পষ্ট কৰি দিয়ে যে আৱেদনৰ প্ৰক্ৰিয়াৰ সময়ত কৰা নিৰ্বাচিত পৰীক্ষাৰ মাধ্যম সলনি কৰাৰ অনুমতি দিয়া নহ'ব। 

উল্লেখযোগ্য যে নীট-ইউ জি ২০২৬ৰ পৰীক্ষা অহা ২১ জুনত পুনৰ অনুষ্ঠিত কৰা হ'ব। সংশোধিত সূচীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থীসকলৰ পৰা কোনো ধৰণৰ অতিৰিক্ত মাচুল লোৱা নহ'ব।

Share This