বিশ্ব কাপৰ আগতে সুস্থ হৈ উঠাৰ আশা, ৰোনাল্ডোৰ আঘাতত চিন্তিত পর্তুগাল

dainik janambhumi March 22, 2026

ডিজিটেল ডেস্ক: বিশ্ব কাপৰ আগে আগে তাৰকা ফুটবলাৰ খ্রীষ্টিয়ানো ৰোনাল্ডোৰ আঘাতক লৈ চিন্তিত হৈ পৰিছে পর্তুগাল। ফলত তেওঁক বিশ্ব কাপৰ আগে আগে মেক্সিকো আৰু আমেৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া প্রীতি মেচৰ বাবে দলত লোৱা হোৱা নাই। 

৪১ বছৰীয়া ৰোনাল্ডোৱে ফেব্ৰুৱাৰীৰ শেষৰ ফালৰ পৰাই তেওঁৰ ক্লাব আল-নাছৰৰ হৈ খেলা নাই। অৱশ্যে পর্তুগালৰ মুখ্য প্রশিক্ষক ৰবার্টো মার্টিনেজে প্রকাশ কৰে যে তেওঁৰ আঘাত সিমান গুৰুতৰ নহয় আৰু বিশ্ব কাপৰ দলত তেওঁৰ স্থান নিশ্চিত। মার্টিনেজে এখন সংবাদমেলত কয় যে ৰোনাল্ডোৱে বর্তমান হেমষ্ট্ৰিঙৰ সমস্যাৰ সৈতে যুঁজ দি আছে। তেওঁ কয়, 'ই এক সামান্য আঘাত। ৰোনাল্ডোৱে অহা এক বা দুই সপ্তাহৰ ভিতৰত খেলপথাৰলৈ উভতি আহিব পাৰিব। চলিত বৰ্ষত ৰোনাল্ডোরে নিজকে সুস্থ কৰি তোলাৰ বাবে চেষ্টা কৰি আছে আৰু ইয়াৰ ফল চমকপ্রদ দেখা পোৱা গৈছে। তেওঁৰ শাৰীৰিক সক্ষমতা দেখি তেওঁ গুৰুতৰ সমস্যাত ভোগা যেন লগা নাই। 

প্রশিক্ষক মার্টিনেজে কয় যি বিশ্ব কাপত চেণ্টাৰ ফৰৱাৰ্ডৰ ভূমিকা ৰোনাল্ডো আৰু গঞ্চালো ৰামোছে পালন কৰিব। তেওঁ কয় যে বিশ্ব কাপৰ আগে আগে এতিয়া চূড়ান্ত পৰ্যায়ৰ অনুশীলন চলি আছে আৰু সেয়েহে তেওঁ কিছুমান নতুন কৌশল প্রয়োগ কৰিবলৈ বিচাৰিছে। 

উল্লেখযোগ্য যে পটুগালক বিশ্ব কাপৰ গ্ৰুপ কেত কলম্বিয়া, উজবেকিস্তানৰ লগত ৰখা হৈছে। এই গ্ৰুপৰ চতুৰ্থটো দল প্লে'অফৰ জৰিয়তে বাছনি কৰা হ'ব।

Share This