আমেৰিকালৈ ডাক সেৱা সম্পূৰ্ণভাৱে বন্ধ

dainik janambhumi September 02, 2025

ডিজিটেল ডেস্কঃ ভাৰতীয় ডাক বিভাগে আমেৰিকালৈ সকলো ধৰণৰ ডাক সেৱাত অস্থায়ীভাৱে বন্ধ কৰিছে। আমেৰিকাই ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছত বহিঃশুল্ক (কাষ্টম) নতুন নিয়মত দেখা দিয়া অস্পষ্টতাৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে।

 ইয়াৰ ভিতৰত ১০০ ডলাৰলৈকে (৮৭০০ টকা) পত্ৰ আৰু উপহাৰৰ সামগ্রীও আছে। ইয়াৰ আগতে ডাক বিভাগে ২৫ আগষ্টৰ পৰা এই শ্রেণীক এৰি সকলো পার্চেল বন্ধ কৰিছিল। ডাক বিভাগে দেওবাৰে কয় যে যেতিয়ালৈকে স্থিতি স্পষ্ট নহয় আৰু এয়াৰলাইন্সে আমেৰিকালৈ যাব লগীয়া ডাক পার্চেল লৈ যাবলৈ প্রস্তুত নহয়, তেতিয়ালৈকে এই সেৱা বন্ধ হৈ থাকিব।

Share This