ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসন ব্যৱস্থাত এতিয়া এক নতুন চৰ্চাই তীব্ৰ ৰূপ ধাৰণ কৰিছে— কিম জং উনৰ পাছত কোনে চম্ভালিব দেশৰ শাসনভাৰ? শেহতীয়া কিছুমান ৰাজনৈতিক ঘটনাই ইংগিত দিছে যে কিম পৰিয়ালৰ ভিতৰতে ক্ষমতাৰ এক মৌন যুঁজ আৰম্ভ হৈছে। এই যুঁজত এফালে আছে কিম জং উনৰ অত্যন্ত প্ৰভাৱশালী ভনীয়েক কিম য়ো জং আৰু আনফালে আছে তেওঁৰ মৰমৰ কন্যা কিম জু এ। কিম জু এ : উত্তৰাধিকাৰীৰ দৌৰত আগত নেকি?
বিগত এবছৰত উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমত কিম জং উনৰ কিশোৰী কন্যা কিম জু এ-ক সঘনাই দেখা গৈছে। মিছাইল পৰীক্ষণৰ পৰা আৰম্ভ কৰি সামৰিক পেৰেডলৈকে, সকলোতে পিতৃৰ হাতত ধৰি থকা জু এ-ৰ উপস্থিতি এতিয়া আৰু কেৱল ব্যক্তিগত নহয়। দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সংস্থাৰ (NIS) মতে, কিম জং উনে নিজৰ কন্যাক পৰৱৰ্তী শাসক হিচাপে গঢ়ি তুলিবলৈ প্ৰস্তুতি চলাইছে। তেওঁক বৰ্তমান 'সন্মানীয় কন্যা' বুলি সম্বোধন কৰা হয়, যিটো কিম পৰিয়ালৰ পৰম্পৰাগত ৰাজনৈতিক উত্তৰাধিকাৰীৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ সূচক।
কিম য়ো জং: শক্তি আৰু অভিজ্ঞতাৰ প্ৰতীক
আনহাতে, কিম জং উনৰ ভনীয়েক কিম য়ো জং বৰ্তমান দেশখনৰ দ্বিতীয় আটাইতকৈ শক্তিশালী ব্যক্তি। তেওঁ দেশৰ নীতি নিৰ্ধাৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ দিয়াৰ বাবে তেওঁ পৰিচিত। একাংশ বিশেষজ্ঞৰ মতে, যদি কিম জং উনৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটে, তেন্তে কিম জু এ-ৰ কম বয়সৰ বাবে অভিজ্ঞ কিম য়ো জঙেই ক্ষমতা দখল কৰাৰ সম্ভাৱনা অধিক।
উত্তৰ কোৰিয়াৰ ইতিহাসত এতিয়ালৈকে কোনো মহিলাই শাসন কৰা নাই। এনে পৰিপ্ৰেক্ষিতত ভনী হওক বা কন্যা, মহিলা শাসকক দেশৰ সেনাই কিদৰে গ্ৰহণ কৰিব সেয়া এক ডাঙৰ প্ৰশ্ন।
কিম জং উনৰ এজন পুত্ৰ সন্তান থকা বুলিও চৰ্চা হয়, কিন্তু তেওঁক কেতিয়াও ৰাজহুৱা কৰা হোৱা নাই। যদি তেওঁ সঁচাকৈয়ে আছে, তেন্তে তেওঁৰ ভূমিকা কি হ’ব? যদি কিম জং উনে কন্যাক আগবঢ়াই দিয়ে, তেন্তে কিম য়ো জঙে নিজৰ ক্ষমতা ত্যাগ কৰিবনে? নে এয়া এক ক্ষমতাৰ সংঘাতৰ আৰম্ভণি?
উত্তৰ কোৰিয়াৰ শাসন ব্যৱস্থা সদায় এক ৰহস্যৰ আৱৰ্তত থাকে। বৰ্তমানৰ পৰিস্থিতিয়ে ইয়াকে সূচাইছে যে কিম জং উনে নিজৰ তেজৰ মাজতেই উত্তৰাধিকাৰী বিচাৰিছে। ভনীয়েকৰ ৰাজনৈতিক তীক্ষ্ণতা নে কন্যাৰ প্ৰতি থকা উত্তৰাধিকাৰীৰ মোহ— কোনে শেষত জয়লাভ কৰিব, সেয়া সময়েহে ক’ব।
প্ৰাগ নিউজ ডিজিটেল