ডিজিটেল ডেস্ক : প্রাগ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ নতুন ভৱনত কালিৰে পৰা চলচ্চিত্র নির্মাণ, সম্পাদনা, অভিনয়, পৰিচালনা আদি বিষয়ত পাঠদান আৰম্ভ হৈছে। গুৱাহাটীৰ লালমাটিৰ অক্ষত ভৱনত আৰম্ভ হোৱা তিনিমহীয়া এই পাঠ্যক্ৰমৰ কালি শুভাৰম্ভ কৰে প্ৰাগ নিউজ আৰু দৈনিক জনমভূমিৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণে। প্ৰথম বাৰৰ বাবে মেঘালয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ বিভাগে তেওঁলোকৰ ৰাজ্যৰ ৬০ গৰাকী শিক্ষার্থীক তিনি মহীয়া আৱাসিক ইন্টার্নশ্বিপ গ্ৰহণৰ বাবে প্ৰাগ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটলৈ প্ৰেৰণ কৰিছে।
এই সন্দৰ্ভত ড° নাৰায়ণে কয় যে এই শিক্ষা গ্ৰহণৰ পাছত শিক্ষার্থীসকলে নিজ ৰাজ্যলৈ ঘূৰি গৈ ভাল কর্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব। নতুন প্রজন্মক বৃত্তিমুখী শিক্ষা গ্রহণ কৰিবলৈ প্ৰেৰণ কৰাৰ বাবে মেঘালয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি তেওঁ লগতে জনায় যে চিনেমা, টেলিভিছন ক্ষেত্ৰখনত কর্মসংস্থাপনৰ বহুতো সুবিধা আছে। মাথোঁ এই ক্ষেত্ৰখনত সঠিকভাৱে আগবাঢ়ি গ'লেই হ'ল। অভিজ্ঞ শিক্ষকে শিক্ষার্থীসকলক শিক্ষাদান কৰিব বুলিও মত ব্যক্ত কৰে ড° নাৰায়ণে। আনহাতে ৰেঙনি চেনেলৰ মূল দায়িত্বত থকা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ৰাজেশ ভূঞাই কয় যে প্রাগ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা বিগত বৰ্ষসমূহত উত্তীর্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যৰ সাংস্কৃতিক জগতখনত কাম কৰি আছে। প্রথম বাৰৰ বাবে মেঘালয় চৰকাৰে শিক্ষানুষ্ঠানখনলৈ শিক্ষার্থী প্ৰেৰণ কৰিছে বুলি জনাই তেওঁ চুবুৰীয়া ৰাজ্যখনৰ পৰা অহা শিক্ষার্থীসকলো নিজ নিজ ৰাজ্যলৈ উভতি গৈ উজলি উঠিবলৈ সক্ষম হ'ব বুলি আশা প্রকাশ কৰে।
ইফালে চি ই অ' জিতেন্দ্র অশিত চুতীয়াই কয় যে অসমৰ উপৰি মেঘালয়ৰ শিক্ষার্থীকো চিনেমা সম্পর্কীয় বিভিন্ন দিশত শিক্ষা দিয়াৰ বাবে প্ৰাগ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটে সুবিধা লাভ কৰাটো এক গৌৰৱৰ কথা। শিক্ষাৰ্থীসকলক অভিজ্ঞ লোকে প্রশিক্ষণ দিব বুলি জনাই তেওঁ লগতে কয়- এই অনুষ্ঠানত শিক্ষা গ্ৰহণৰ পাছত সকলো শিক্ষার্থীয়েই কর্মসংস্থাপন লাভ কৰাটো নিশ্চিত। উল্লেখযোগ্য যে মেঘালয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ বিভাগে বেইজিং এণ্ড এক্সিলেৰেটিং এম এছ এমই পাৰফর্মেন্স কাৰ্যসূচীৰ অধীনত প্রশিক্ষণৰ বাবে প্রথম পর্যায়ত প্ৰেৰণ কৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণৰ সময়ছোৱাত প্রতি মাহে দহ হাজাৰ টকাকৈ ভাত্তা প্রদান কৰিব।