বিশ্বৰ ১ নম্বৰৰ খেলুৱৈ কাৰ্লছেনক হৰুৱালে প্রজ্ঞানন্দই

dainik janambhumi July 18, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ গ্ৰেণ্ড মাষ্টাৰ আৰ প্রজ্ঞানন্দই ৰোমাঞ্চকৰ খেলেৰে ফ্রীষ্টাইল দবা গ্রেণ্ড শ্লাম ট্যুৰত হৰুৱায় বিশ্বৰ ১ নম্বৰ খেলুৱৈ মেগনাছ কার্লছেনক। ১৯ বছৰীয়া প্রজ্ঞানন্দই পাঁচবাৰৰ বিশ্ব চেম্পিয়ন কার্লছেনক মাথোঁ ৩৯টা মুভৰ অন্তত চমক খুৱায়। 

শেহতীয়াকৈ বিশ্ব চেম্পিয়ন ভাৰতৰ ডি গুকেশ্বৰ হাতত পৰাজিত হৈছিল নৰৱেৰ তাৰকা দবাৰুগৰাকী। চলিত প্রতিযোগিতাখনত গ্রুপ পৰ্যায়ৰ ৰাউণ্ড অব্ ফ'ৰত প্ৰজ্ঞানন্দৰ হাতত পৰাজয়বৰণ কৰে কাৰ্লছেনে। 

এই বছৰত এই পর্যন্ত তিনিখন টুর্নামেন্টত জয়ী হোৱা প্রজ্ঞানন্দই নৰৱেৰ কাৰ্লছেনক তিনিওটা ফৰমেট- ক্লাছিকেল, ৰেপিড আৰু ব্লিজত পৰাজিত কৰে। ভাৰতৰ তাৰকা খেলুৱৈ প্রজ্ঞানন্দই ৮জনীয়া খেলুৱৈ গ্ৰুপত ৪.৫ পইণ্টেৰে যুটীয়াকৈ শীর্ষ স্থানত আছে।

Share This