প্রশান্ত ৰাজগুৰুলৈ 'ভীষ্মক' বঁটা 

dainik janambhumi November 20, 2026

ডিজিটেল ডেস্ক : প্রাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুলৈ সদৌ চুতীয়া জাতি সন্মিলনে আগবঢ়াইছে ভীষ্মক বঁটা। অহা ২৫ ডিচেম্বৰৰ পৰা চাৰিদিনীয়াকৈ গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া সন্মিলনৰ শতবর্ষ জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ মুকলি সভাত এই বঁটা প্ৰদান কৰা হ'ব। 


সদৌ চুতীয়া জাতি সন্মিলনৰ তৰফৰ পৰা প্রস্তুত কৰি দিয়া বঁটা নির্বাচক সমিতিয়ে বঁটা প্রাপক সকলৰ নাম যুগুত কৰি দিয়াৰ পাছতেই এক সংবাদমেল যোগে এই সম্পর্কত সদৰী কৰে। ইয়াৰ উপৰি জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াক একেটা অনুষ্ঠানতে প্রদান কৰা হ'ব 'ৰত্নধ্বজ পাল' বঁটা। একেদৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সহধর্মিণী গৰিমা শইকীয়া গাৰ্গলৈ আগবঢ়োৱা হৈছে বুৰঞ্জীবিদ ড° স্বর্ণলতা বৰুৱা বঁটা। ভ্রমৰ চন্দ্র শইকীয়া বঁটা আগবঢ়োৱা হৈছে আন এজন জ্যেষ্ঠ সাংবাদিক দিগন্ত ওজালৈ। একেটা অনুষ্ঠানতে কৃষক বন্ধু সোণেশ্বৰ বৰা বঁটা প্রদান কৰা হ'ব যদিও আয়োজক সমিতিয়ে বঁটা প্রাপকৰ নাম পৰৱৰ্তী সময়তহে ঘোষণা কৰিব। ১৯২৫ চনত গোলাঘাটৰ বেতিয়নীত আত্মপ্রকাশ ঘটা চুতীয়া জাতি সন্মিলনে ইতিমধ্যে স্বর্ণিল এশটা বছৰ অতিক্রম কৰা ক্ষণত জাতিটোৰ কাণ্ডাৰীসকলক স্মৰণ কৰাৰ সমান্তৰালকৈ অসমীয়া সমাজ জীৱনৰ প্রতি দায়বদ্ধ বহুজনক সন্মানিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। 

গুৰুত্বপূর্ণ অনুষ্ঠানটোৰ ২৫ ডিচেম্বৰৰ পুৱা ভাগত মূল তোৰণ উদ্‌ঘাটন, শিবিৰ মুকলি আদি কাৰ্যসূচীৰ পৰিসমাপ্তিত সন্ধ্যাৰ ভাগত অনুষ্ঠিত হ'ব সন্মিলনৰ কার্যনির্বাহক সভা। ২৬ ডিচেম্বৰত শতবর্ষ জয়ন্তী উপলক্ষে এশখন পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচীৰ পাতনি মেলা হ'ব। দেও কুবেৰ পূজা, চাৰিশাল প্রতিষ্ঠা, প্রদর্শনীৰ দ্বাৰ উন্মোচন, খাদ্যমেলা আৰু মঞ্চৰ দ্বাৰ মুকলিৰ অন্তত শ্রদ্ধাঞ্জলি, মাল্যার্পণ কার্যসূচী সম্পন্ন হ'ব। একেদিনাই ছাত্র-ছাত্রীসকলৰ মাজত তর্ক, কুইজ আৰু মহিলাসকলৰ মাজত বিয়া নামৰ প্রতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ সমান্তৰালকৈ ছয় জনগোষ্ঠীৰ নেতৃবর্গৰ উপস্থিতিত জনগোষ্ঠীয় সমাৰোহ অনুষ্ঠিত হ'ব। ছয় জনগোষ্ঠীৰ সংস্কৃতি প্রদর্শন আৰু সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীৰে দ্বিতীয়দিনাৰ অনুষ্ঠান অন্ত পৰিব। চুতীয়া জনগোষ্ঠীৰ চুতীয়া জাতি সন্মিলন, চুতীয়া জনগোষ্ঠীৰ সমূহ সংগঠন আৰু জাতিটোৰ পুৰোধা ব্যক্তিসকলৰ উপস্থিতিত এক অন্তৰংগ আলাপেৰে তৃতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হ'ব। তৃতীয় দিনা জাতিটোৰ অগ্রণী লোকসকলক সম্বর্ধনা, জাতিটোৰ উত্তৰণ আলোকপাত কৰিব পৰাকৈ আলোচনা চক্র অনুষ্ঠিত হ'ব বুলি সংবাদমেলত সদৰী কৰে উদযাপন সমিতিৰ সভাপতি তথা লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ অমিয় কুমাৰ বৰাই।

Share This