ডিজিটেল ডেস্ক : এক দীঘলীয়া সংগ্ৰামৰ অন্ত পেলাই এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে নামৰূপবাসী। নামৰূপত উপস্থিত হ'ব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। বহু প্রত্যাশিত নামৰূপ সাৰ কাৰখানাৰ নতুন ইউৰিয়া প্রকল্পৰ শিলান্যাস কৰিব প্রধানমন্ত্রী মোদীয়ে। অসম ভেলী ফার্টিলাইজাৰ কেমিকেলছ কোম্পানী লিমিটেডৰ অধীনত প্রায় ১১ হাজাৰ কোটি টকা ব্যয়ৰে ১২ লাখ মেট্রিকটন ইউৰিয়া উৎপাদক্ষম প্রকল্প হ'ব নামৰূপত। প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱিত নামৰূপ আগমন উপলক্ষে এতিয়া একপ্ৰকাৰ অভেদ্য দুর্গত পৰিণত হৈছে নামৰূপ।
কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে নামৰূপৰ হাপজানৰ সভাস্থলী। ডেৰলক্ষাধিক লোক সমৱেত হ'ব পৰাকৈ সাজু কৰি তোলা হৈছে সুবিশাল মণ্ডপ। মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষীৰ জোৱান। প্রধানমন্ত্রী আহিবলগা বায়ুসেনাৰ বিশেষ হেলিকপ্টাৰ যাতে সুকলমে অৱতৰণ কৰিব পাৰে, তাৰ বাবে বায়ুসেনাৰ তিনিখন বিশেষ হেলিকপ্টাৰ সভাস্থলীৰ কাষতে সাজু কৰি তোলা অস্থায়ী হেলিপেডত অৱতৰণৰ অনুশীলন চলোৱাৰ লগতে আকাশমাৰ্গৰ পৰাই সভাস্থলীৰ নিৰাপত্তাৰ দিশসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰে। ইফালে অসম আৰক্ষীৰ আইন-শৃংখলাৰ আই জি পি অখিলেশ সিঙৰ নেতৃত্বত ৰাজ্যৰ উচ্চ পদস্থ আৰক্ষী বিষয়াসকলে ঘনাই ঘনাই বৈঠকত মিলিত হৈ সভাস্থলীৰ নিৰাপত্তাৰ দিশসমূহত যাতে কোনোধৰণৰ সুৰুঙা থাকিব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিছে। প্রধানমন্ত্রীয়ে সভাস্থলীত প্ৰৱেশ কৰিবলগীয়া পথত তন্ন তন্নকৈ তালাচী চলাইছে এছ পি জিয়ে।
আনহাতে, কালি সভাস্থলীৰ অগ্ৰগতিৰ বুজ ল'বলৈ হাপজানত উপস্থিত হয় ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়া আৰু স্থানীয় বিধায়ক তৰংগ গগৈ। ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ পাছত ৰাজ্যৰ উদ্যোগ ক্ষেত্ৰত নামৰূপৰ এই নতুন ইউৰিয়া প্ৰকল্প এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব বুলি মন্ত্রী বিমল বড়াই উল্লেখ কৰি কংগ্ৰেছৰ দিনত কিবা পাবলৈ জনতাই কেৱল সংগ্রাম কৰিবলগা হৈছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা দায়বদ্ধতাৰ ফচল এই নামৰূপৰ নতুন প্রকল্প বুলি উল্লেখ কৰে। ইফালে বিধায়ক তৰংগ গগৈয়ে কয় যে কংগ্ৰেছৰ আমোলত অসমৰ পৰাই কেন্দ্ৰীয় সাৰমন্ত্ৰী আছিল, কিন্তু কোনেও নামৰূপ সাৰকাৰখানাৰ সমস্যা সমধান নকৰিলে। কেৱল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত দীর্ঘদিনীয়া সংগ্ৰামৰ অন্ত পেলাই নামৰূপৰ এই নতুন প্রকল্প স্থাপন হৈছে আৰু ৩ বছৰ ৬ মাহৰ ভিতৰত ই সম্পূর্ণ হৈ উঠিব।
আনহাতে, তেওঁ প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ বাবে মাটি অধিগ্রহণক লৈ সৃষ্টি হোৱা বিতর্ক সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে প্ৰধানমন্ত্ৰীৰ সভা প্ৰথমবাৰ পথাৰত অনুষ্ঠিত হোৱা নাই। ইয়াৰ পূৰ্বেও হৈছে। কিছু নীতি-নিয়ম থাকে, প্রট'কল থাকে। পথাৰৰ গৰাকীক উচিত ক্ষতিপূৰণ দিয়া হৈছে আৰু আনহতে, সভা শেষ হ'লে পথাৰৰ গৰাকীক পূৰ্বৰ দৰে খেতি কৰিব পৰাকৈ ব্যৱস্থা কৰি দিয়া হ'ব বুলিও তেওঁ ব্যক্ত কৰে।