ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে মঙলবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ছয় মাহৰ ভিতৰত পথ সুৰক্ষাৰ সৈতে জড়িত ব্যৱস্থাসমূহ শক্তিশালী কৰাৰ কাৰণে নিয়ম প্রস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে আদালতে পথ আৰু ফুটপাথেৰে অহা-যোৱাসকলৰ সুৰক্ষাৰ বাবেও কেইবাটাও নির্দেশ জাৰি কৰে।
উচ্চতম ন্যায়ালয়ে যান-বাহন আইনৰ ১৩৮ (১এ) ধাৰাৰ অধীনত এই নিয়ম প্রণয়ন কৰিবলৈ কয় যাতে ৰাজহুৱা স্থান আৰু ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন আৰু খোজকঢ়া লোকসকলৰ উপস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা যায়। ইয়াৰ লগতে ৰাষ্ট্ৰীয় পথৰ লগতে আন পথসমূহৰ ডিজাইন, নির্মাণ আৰু চোৱাচিতাৰ বাবে মান নির্ধাৰণ কৰিব লাগিব।
ইয়াৰ উদ্দেশ্য হ'ল পদযাত্ৰীৰ অহা-যোৱাত সুৰক্ষা সুনিশ্চিত কৰা আৰু পথসমূহৰ মান সুনিশ্চিত কৰা। ইয়াৰ উপৰি হেলমেট পিন্ধা, ভুল লেনত গাড়ী চলোৱা, গাড়ীত অকর্তৃত্বশীলভাৱে হুটাৰ বা ছাইৰেন বজোৱাৰ দৰে বিষয়ত কঠোৰ নিয়ম প্রণয়ন কৰিবলৈও সর্বোচ্চ আদালতে নিৰ্দেশ দিয়ে।