ডিজিটেল ডেস্ক: 'সৰা পাতে পাতে ফাগুন নামে/পলাশৰ ৰং ৰাঙলী...' কবিৰ এই কথা কেইশাৰীৰ দৰেই ঋতুৰাণী বসন্তক আদৰাৰ প্রস্তুতিৰে এতিয়া চৌদিশে ফাগুনৰ উন্মাদনা। ফাগুন মানেই এক উদাসী মন, এক খেলিমেলি হিয়াৰ অজান শিহৰণ।
ধূলিয়ৰি বতাহৰ বুকুত উৰি অহা শুকান পাতৰ খৰখৰণি আৰু হঠাতে চকু চাট মাৰি ধৰা তেজৰঙী পলাশৰ হাঁহি-এয়াই ফাগুন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ বাঘবৰ-জনিয়াত এতিয়া প্রকৃতিৰ এক অপৰূপ পৰিৱৰ্তন প্রত্যক্ষ কৰা হৈছে। প্ৰকৃতিৰ সলনি হোৱা ৰূপ : ফাগুনৰ আগমনে বাঘবৰ, জনিয়া, মন্দিয়া প্ৰকৃতিৰ কেনভাছত যেন নতুন ৰং সানিছে। গছ-বিৰিখৰ পৰা অবিৰতভাৱে সৰি পৰিছে জীৰ্ণ পাত। লঠঙা ডালবোৰে যেন নতুন কুঁহিপাত ধৰাৰ অপেক্ষাত ধ্যানমগ্ন হৈছে। কিন্তু এই উকা ডালবোৰৰ মাজতেই জিলিকি উঠিছে জুই-জ্বলা শিমলু আৰু পলাশ।
ধূলিয়ৰি বাটৰ কাষত থকা শিমলুৰ ডালত এতিয়া চৰাইৰ কলৰৱ আৰু ৰঙা ফুলৰ মেলা। এই দৃষ্টিনন্দন শোভাই কেৱল বাঘবৰ-জনিয়াৰে নহয়, সমগ্ৰ বৰপেটাৰ গ্ৰামাঞ্চলক এক মায়াবী ৰূপ প্রদান কৰিছে। উতনুৱা ফাগুন আৰু মানুহৰ মন: যশস্বী শিল্পী জয়ন্ত হাজৰিকাৰ সেই অমৰ কণ্ঠৰ গীত- 'মোৰ ফাগুন আছেহি আহি ৰৈ/ তোমাৰ কথাকে ক'বলৈ...' আজি যেন প্ৰতিজন লোকৰ মনৰ অনুভৱ হৈ পৰিছে।
ফাগুনৰ কোনো নির্দিষ্ট সংজ্ঞা নাই। কাৰোবাৰ বাবে ফাগুন যদি প্রেম আৰু মিলনৰ ঋতু, আন কাৰোবাৰ বাবে ই আকৌ বিচ্ছেদৰ বেদনাৰে ভৰা এক ধূলিয়ৰি সময়। এই উতনুৱা ফাগুনে যান্ত্রিকতাত আবদ্ধ মানুহক ক্ষন্তেকৰ বাবে হ'লেও প্রকৃতিৰ সান্নিধ্যলৈ টানি আনিছে। উজনি অসমৰ পৰা নামনি অসমৰ ব্ৰহ্মপুত্ৰৰ পাৰলৈঃ অকল বাঘবৰ, জনিয়ায়েই নহয়, জিলাখনৰ চুকে-কোণে ৰাজপথতো এতিয়া ফাগুনৰ পদধ্বনি স্পষ্ট। ব্ৰহ্মপুত্ৰৰ বিশাল বালিচৰ আৰু ইয়াৰ পাৰে পাৰে ফুলি থকা মদাৰ-শিমলুৱে এক অনন্য সৌন্দৰ্যৰ পয়োভৰ ঘটাইছে। ধূলিৰ ধুমুহাই মাজে মাজে আমনি কৰিলেও, পলাশৰ ৰঙীন আৱেশে সকলো দুখ পাহৰাই পেলাইছে। এয়া বসন্তৰ আগজাননী।
আচলতে ফাগুন হ'ল বসন্তৰ দূত। ইয়াৰ আঁচলত লুকাই থাকে নতুন জীৱনৰ বতৰা। ঋতু পৰিৱৰ্তনৰ এই সন্ধিক্ষণত প্ৰকৃতিৰ যি বিনন্দীয়া ৰূপ ফুটি উঠিছে, সেয়া সঁচাকৈয়ে অতুলনীয়। জুই-জ্বলা ফাগুনৰ এই ৰঙীন সময়ছোৱাই মানুহৰ মনৰ পৰা ক্লান্তি আঁতৰাই এক নতুন আশাৰ সঞ্চাৰ কৰিছে। জনিয়াৰ জনসাধাৰণৰ লগতে সমগ্ৰ ৰাজ্যবাসী এতিয়া মগ্ন হৈছে ফাগুনৰ এই দুষ্টালি আৰু মায়াৱী স্বপ্নৰ মাজত।