আম্বালাত ইতিহাস ৰচি ৰাফেলত উৰিল ৰাষ্ট্ৰপতি মুর্মু

dainik janambhumi October 30, 2025

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে আজি হাৰিয়ানাৰ আম্বালাত থকা বায়ু সেনাৰ ঘাটিত ৰাফেল বিমানত এক চমু উৰণ সম্পন্ন কৰি ইতিহাসৰ সৃষ্টি কৰে। তেওঁ ৰাফেলত উঠি কৰা এই উৰণক এক স্মৰণীয় অনুভৱ বুলি বৰ্ণনা কৰে।

ৰাষ্ট্ৰপতিয়ে কয়, 'ৰাফেল বিমানত উৰণ মোৰ বাবে এক স্মৰণীয় অভিজ্ঞতা। এই শক্তিশালী ৰাফেল বিমানত কৰা প্ৰথমটো উৰণে মোক ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা ক্ষমতাক লৈ নতুন ধৰণেৰে গৰ্বৰ অনুভৱ কৰালে।' এই সফল উৰণৰ আয়োজন কৰাৰ কাৰণে তেওঁ হাৰিয়ানাৰ আম্বালাত থকা বায়ু সেনাৰ সম্পূৰ্ণ টীমক অভিনন্দন জনায়। তেওঁ কয় যে এই অনুভৱে ভাৰতীয় বায়ু সেনাৰ কাৰিকৰী দক্ষতা আৰু দেশৰ সুৰক্ষাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্রতিফলিত কৰিছে। 

উল্লেখযোগ্য যে ৰাফেল যুঁজাৰু বিমানত উঠাৰ আগতে ৰাষ্ট্ৰপতিয়ে জি-ঢ্যুট পৰিধান কৰে। হাতত হেলমেট লৈ ৰাষ্ট্ৰপতিয়ে পাইলটৰ সৈতে ফটোও উঠে। পুৱা ১১-২৭ বজাত উৰণ সম্পন্ন কৰাৰ আগে আগে ৰাষ্ট্ৰপতিয়ে বিমানৰ পৰা হাত জোকাৰি অভিবাদন জনায়। বিমানখনে প্রায় ৩০ মিনিটৰ উৰণত ২০০ কিল'মিটাৰ দূৰ ভ্ৰমণ কৰি পুনৰ বায়ু সেনাৰ ঘাটিলৈ উভতি আহে। ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা জনোৱা মতে বিমানখনৰ পাইলট আছিল সপ্তদশ স্কোৱাড্ৰনৰ কমান্ডিং অফিচাৰ গ্ৰুপ কেপ্টেইন অমিত গেহানী। 

ৰাফেল বিমানখন সমুদ্রপৃষ্ঠৰ পৰা প্ৰায় ১৫ হাজাৰ ফুট উচ্চতাত আৰু প্ৰতি ঘণ্টাত প্রায় ৭০০ কিল'মিটাৰ বেগত উৰে। ৰাষ্ট্ৰপতি আজি পুৱা বায়ু সেনাৰ ঘাটিত উপস্থিত হোৱাৰ সময়ত তেওঁক গার্ড অব অনাৰ দিয়া হয়। 

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি দেশৰ তিনিওটা বাহিনীৰ সৰ্বাধিনায়ক। ৰাষ্ট্ৰপতিয়ে ইয়াৰ আগতে ২০২৩ চনৰ ৮ এপ্ৰিলত ছুখই-৩ এম কে আই যুঁজাৰু বিমানত উৰণ সম্পন্ন কৰিছিল। মুর্মুৱে স্কোৱাড্রন লীডাৰ শিৱাংগী সিঙৰ সৈতেও ফটো উঠে। উল্লেখযোগ্য যে অপাৰেশ্যন সেন্দূৰৰ সময়ত পাকিস্তানী সংবাদ মাধ্যমে এই বুলি দাবী কৰিছিল যে পাকিস্তানৰ বিৰুদ্ধে অভিযানত শিৱাংগী পাইলটৰূপে থকা ৰাফেল যুঁজাৰু বিমানখন ধ্বংস হোৱাৰ লগতে তেওঁক বন্দী কৰা হৈছিল। বুধবাৰে তেওঁক ৰাষ্ট্ৰপতিৰ সৈতে দেখা পোৱাৰ পাছত পাকিস্তানৰ মিথ্যাচাৰ পুনৰ পোহৰলৈ আহিল। 

উল্লেখযোগ্য যে ভাৰতীয় বায়ু সেনাই সেই সময়ত এই বাতৰিৰ সত্যতা অস্বীকাৰ কৰি শিৱাংগীয়ে নিজৰ কৰ্তব্যত নিয়োজিত হৈ আছে। তেওঁ ৰাফেল বিমান উৰুওৱা ভাৰতৰ প্ৰথমগৰাকী মহিলা পাইলট।

Share This