ডিজিটেল ডেস্ক : আমেৰিকা আৰু চীনৰ সম্পৰ্কত থকা তিক্ততা কিছু পৰিমাণে আঁতৰ হোৱা পৰিলক্ষিত হৈছে। সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'মাল্ড ট্রাম্পে টেলিফ'নত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিণ্ডৰ সৈতে বার্তালাপ কৰে। পাছত ৰাষ্ট্রপতি ট্রাম্পে কয় যে তেওঁ চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে কৰা আলোচনা অতি সৌহার্দ্যমূলক আৰু ইতিবাচক আছিল।
তেওঁলোকে ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধ, কৃষিজাত সামগ্রী, বাণিজ্য আৰু ড্রাগছৰ চোৰাং ব্যবসায়ৰ দৰে বিভিন্ন বিষয়ক লৈ আলোচনা কৰে বুলি ট্রাম্পে প্রকাশ কৰে। ট্রাম্পে আমেৰিকাৰ কৃষকৰ বুজাপৰা অতিশয় স্বাগতিক গুৰুত্বপূর্ণ। ছয়াবিন আৰু আন শস্যক লৈ দুয়োখন দেশৰ মাজত চলি থকা আলোচনা সঠিকভায়ে অগ্রগতি লাভ কৰিছে আৰু ইয়াৰ জৰিয়তে আমেৰিকাৰ কৃষকসকল লাভবান হ'ব।
ট্রাম্পে প্রকাশ কৰা মতে, তিনি সপ্তাহৰ আগতে তেওঁলোকৰ মাজত হোৱা আলোচনাৰ পৰৱৰ্তী অংশ আছিল সোমবাৰৰ টেলিফনিক বার্তালাপ। ইফালে, টাই ৱানক লৈ নেতা দুজনৰ মাজত বাক-বিতণ্ডাও হয়। জিনপিঙে সোমবাৰে ট্রাম্পক এই কথা স্পষ্ট কৰি দিয়ে যে টাইৱান চীনৰ। জিনপিঙে কয়, 'টাইৱান আমাৰ হ'ব। সেয়াই দেশখনৰ ভবিষ্যৎ। টাইৱান চীনৰ লগত চামিল হোৱাটো দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত সৃষ্টি হোবা আন্তঃৰাষ্ট্রীয় গাঁথনিৰ অংশ।' চীনৰ বিদেশ মন্ত্র্যালয়ে এই কথা প্রকাশ কৰে।