ৰাজ্যত ৰাসায়নিক সাৰৰ দাম কুইণ্টলত ৪০০ টকা পর্যন্ত বৃদ্ধি

dainik janambhumi May 20, 2026

ডিজিটেল ডেস্ক : পশ্চিম এছিয়াত লগা যুদ্ধই অসমৰ কৃষি খণ্ডতো প্ৰভাৱ পেলোৱাৰ আশংকা প্রবল কৰি তুলিছে। কিয়নো যুদ্ধৰ বাবে ৰাজ্যখনত ৰাসায়নিক সাৰৰ নাটনি ঘটাৰ লগতে সাৰৰ অভাৱনীয় দাম বৃদ্ধি হৈছে। খেতিৰ বতৰ আৰম্ভ হোৱাৰ সময়তে সাৰৰ বজাৰত লগা এই জুয়ে এতিয়া কৃষকসকলক বেয়াকৈ দহিছে। 

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে দেশত পর্যাপ্ত পৰিমাণৰ সাৰ মজুত আছে বুলি ঘোষণা কৰিছে যদিও বজাৰত সাৰৰ নাটনিৰ লগতে দাম বৃদ্ধি হৈছে। ইউৰিয়াৰ বাহিৰে ডি এ পি, টি এছ পি, এন পি কে আদি প্ৰায় সকলো সাৰৰ দাম প্রতি কুইণ্টলত চাৰিশ টকা পর্যন্ত বৃদ্ধি পাইছে। কেমিকেলৰ দামো প্রতি লিটাৰত ২৫০ টকা পর্যন্ত বৃদ্ধি পাইছে। মন কৰিব লগীয়া কথা যে অধিক উৎপাদনৰ লগতে পোক-পতংগৰ পৰা শস্য ৰক্ষা কৰাৰ বাবে কৃষকসকলে সাৰ আৰু কীটনাশক দ্রব্য ব্যৱহাৰ কৰে। আজিৰ তাৰিখত সাৰ ব্যৱহাৰ আৰু কীটনাশক দ্ৰব্য কৃষকৰ লগৰী হৈ পৰিছে। পেট্রল-ডিজেলকে ধৰি অন্যান্য সামগ্ৰীত দাম বৃদ্ধিয়ে জুৰুলা কৰা অৱস্থাত সাৰৰ দাম বৃদ্ধি এতিয়া কৃষকৰ মূৰত প্ৰচন্দ মাধমাৰ সদৃশ হৈ পৰিছে। 

ডিজেলৰ দাম বৃদ্ধি পোৱাৰ ফলতো ট্ৰেক্টৰ ব্যৱহাৰ কৰি খেতি কৰা খেতিয়কসকল সমস্যাত পৰিছে। কিয়নো এতিয়া ডিজেলৰ নামতে তেওঁলোকৰ হাতৰ পৰা অধিক ধন ওলাই যাব। উল্লেখযোগ্য যে প্রতিটো খাৰিফ শস্যৰ বতৰত ভাৰতক প্রয়োজন হয় ৩৯.০৫ নিযুত টন সাৰ। কিন্তু ভাৰতৰ হাতত আজিৰ তাৰিখত মজুত আছে ১৯.০২ নিযুত টন সাৰ। ইফালে ইউৰিয়াৰ ঘৰুৱা উৎপাদনো ২৭ শতাংশ হ্রাস পাইছে। দেশত প্রয়োজনীয় সাৰৰ অধিকাংশই ৰাছিয়া, মৰক্কো, ছৌডি আৰব আৰু জৰ্দানৰ পৰা আহে। এই সাৰ কঢ়িয়াই অনা জাহাজসমূহ আকৌ হৰমুজ প্রণালীৰে আহে। কিন্তু যুদ্ধৰ বাবে হৰমুজ প্রণালী বন্ধ হৈ থকাত এতিয়া মহা সংকটে দেখা দিছে। 

উল্লেখযোগ্য যে পূর্বতে অসমৰ নামৰূপত থকা সাৰ কাৰখানাটোৱে উত্তৰ-পূবৰ প্ৰয়োজনীয় সাৰ উৎপাদন কৰিছিল যদিও এতিয়া উক্ত সাৰ কাৰখানাটোৰ উৎপাদন হ্রাস পোৱাত সাৰৰ বাবে অসম আন ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হৈছে। এনে পৰিস্থিতিত এইবাৰ সাৰৰ অভাৱত ৰাজ্যৰ কৃষি খণ্ডত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Share This