ডিজিটেল ডেস্কঃ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫১.৫০ টকাকৈ হ্রাস কৰা হৈছে। এই সংশোধিত মূল্য ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছে বুলি তৈল বিপণন কোম্পানীসমূহে দেওবাৰে প্রকাশ কৰিছে। এই অনুসৰি দিল্লীত ১৯ কিল'গ্রাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ এটা চিলিণ্ডাৰৰ মূল্য এতিয়াৰে পৰা ১৫৮০ টকা হ'ব।
অৱশ্যে ১৪.২ কিল'গ্রাম ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। এই মূল্য হ্রাসে দেশৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বে তৈল বিপণন কোম্পানীসমূহে জুন মাহত প্রতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৪ টকাকৈ হ্রাস কৰিছিল।
বিশেষজ্ঞসকলৰ মতে, এনে চিলিণ্ডাৰৰ মূল্য হ্রাসে ৰেস্তোঁৰা, হোটেল আৰু অন্য ব্যাৱসায়িক প্রতিষ্ঠানসমূহক উপকৃত কৰিব। বিশ্বৰ খাৰুৱা তেলৰ মূল্য আৰু বজাৰ নিৰ্ভৰ অন্যান্য কাৰকৰ ওপৰত ভিত্তি কৰি দৈনন্দিন মাহেকীয়া পুনৰীক্ষণৰ অংশ হিচাপে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যৰ হ্রাস-বৃদ্ধি কৰা হয়।