দাম কমিব পাৰে জটিল ৰোগত ব্যৱহৃত ২০০বিধ ঔষধৰ

dainik janambhumi July 12, 2025

ডিজিটেল ডেস্ক : কেঞ্চাৰৰ দৰে ৰোগত ভুগি থকা ৰোগীসকলে অচিৰেই কিছু সকাহ লাভ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল অচিৰেই প্ৰায় ২০০ বিধ ঔষধৰ দাম কমাৰ সম্ভাৱনা আছে। এখন চৰকাৰী কমিটীয়ে কেঞ্চাৰৰ লগতে এইচ আই ভি, সংৰোপণ ব্যৱহাৰ কৰা ঔষধ, হেমেট'লজীৰ দৰে গুৰুতৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা প্ৰায় ২০০ বিধ ঔষধৰ দাম হ্রাস কৰাৰ পৰামৰ্শ দিছে। চৰকাৰী কমিটীখনে এই ঔষধবোৰত আৰোপ কৰা সীমা শুল্ক হ্রাস কৰাৰ পৰামৰ্শ দিয়ে। ফলত এই ৰোগসমূহত আক্রান্ত ৰোগীৰ চিকিৎসাৰ ব্যয় হ্রাস পাব। 

উল্লেখযোগ্য যে গুৰুতৰ আৰু পুৰণি ৰোগত ভুগি থকা ৰোগীক সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এখন আন্তঃবিভাগীয় কমিটী গঠন কৰা হৈছিল। কমিটীখনে এনে ধৰণৰ ৰোগত ভুগি থকা ৰোগীক সকাহ দিয়াৰ বাবে সীমা শুল্ক হ্রাস কৰাৰ লগতে দামৰ ক্ষেত্ৰত কিছু পৰিমাণে ৰেহাই দিয়াৰ পৰামৰ্শ দিয়ে। কমিটীখনে দিয়া পৰামৰ্শৰ পাছত এতিয়া কেঞ্চাৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা পেম্ব্ৰ'লিজুমেব, অছিমর্টিনিব, ট্রাষ্টুজুমেব ডেৰুক্সটেকানৰ দৰে ঔষধত সীমা শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ পৰামৰ্শ দিয়ে কমিটীখনে। এই ঔষধসমূহ হাওঁফাওঁ, স্তন আৰু আন কেঞ্চাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। এই ঔষধসমূহত বৃহৎ হাৰত সীমা শুল্ক আৰোপ কৰা হয়, যাৰ ফলত সাধাৰণ মানুহৰ বাবে এনে ঔষধ ব্যৱহাৰ কৰাটো কঠিন হৈ পৰে। উল্লেখযোগ্য যে ভাৰতৰ ঔষধ নিয়ন্ত্রকে যোৱা বছৰ আগষ্ট মাহত এই কমিটীখন গঠন কৰিছিল। 

কেঞ্চাৰৰ উপৰি সংৰোপণৰ চিকিৎসাত ব্যৱহাৰ কৰা ঔষধ, ক্রিটিকেল কেয়াৰৰ দৰে চিকিৎসাত বাহিৰৰ পৰা আমদানি কৰা ঔষধ ব্যৱহাৰ কৰা হয়। ঘৰুৱা বজাৰত ইয়াৰ সম পৰ্যায়ৰ ঔষধ পোৱা নাযায়। কমিটীখনে ৭৪ বিধ ঔষধত আৰোপ কৰা সীমা শুল্ক ৫% কৰিবলৈ আৰু ৬৯ বিধ ঔষধত সীমা শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ পৰামৰ্শ দিছে। ইয়াৰ লগতে দুর্লভৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা ৫৬ বিধ ঔষধৰ এখন নতুন তালিকাও আছে, যিবিলাকত সীমা শুল্ক সম্পূৰ্ণ ৰেহাই দিয়াৰ পৰামৰ্শ দিয়া হৈছে।

Share This