ডিজিটেল ডেস্ক : আমেৰিকা ইজৰাইলবে ইৰানৰ যুদ্ধখন সমগ্র মধ্যপ্রাচ্যৰ দেশলৈ সম্প্ৰসাৰিত হোৱাৰ সময়তে বিশ্বৰ লগতে ভাৰততো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা প্রকট হৈছে। তেল আৰু প্রাকৃতিক গেছ, এল পি জিৰ ইন্ধনৰ দাম ইতিমধ্যে বিশ্বত বৃদ্ধি হৈছে। ভাৰততো এল পি জি চিলিণ্ডাৰৰ দাম ইতিমধ্যে বৃদ্ধি কৰা হৈছে। কিন্তু এই ভয়ংকৰ যুদ্ধ অব্যাহত থাকিলে ভাৰতত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে। আহি থকা মাহবোৰত দেশৰ লক্ষ লক্ষ জনতা অনাহাৰে থাকিব যে সেয়া সাম্প্রতিক পৰিস্থিতিত নিশ্চিত হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্রতিষ্ঠান বয়টাৰে প্রকাশ কৰিছে যে যদি বর্তমান চলি থকা যুদ্ধ উত্তেজনা অব্যাহত থাকে, তেনেহ'লে জুন মাহৰ ভিতৰত বিশ্বৰ ৪৫ নিযুত জনতা দুর্ভিক্ষৰ সন্মুখীন হ'ব।
বিশ্ব খাদ্য কাৰ্যসূচীয়ে পূর্বানুমান কৰা মতে, মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে সমগ্র বিশ্বত খাদ্য সুৰক্ষাৰ প্ৰতি গভীৰ সংকটৰ সৃষ্টি হ'ব। যুদ্ধৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ইতিমধ্যে তেল আৰু এল পি জিৰ সংকটে সমগ্র বিশ্বতে দেখা দিছে। শক্তি, সাৰ আমদানি ব্যাহত হোৱা, বিপদসংকুল বাণিজ্য পথ আৰু পৰিবহণ ব্যয় অতিমাত্রা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বৰ লগতে ভাৰততো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ আশংকা বৃদ্ধি হৈছে। আনহাতে, আধুনিক কৃষি পদ্ধতি সম্পূর্ণ ইন্ধনৰ ওপৰত নিৰ্ভৰ কৰে। জলসিঞ্চন, পৰিবহণ আৰু যন্ত্র-পাতিৰ বাবে ইন্ধন অতীব প্রয়োজনীয়। তেলৰ দাম বৃদ্ধিৰ লগে লগে কৃষি কার্য আৰু খাদ্য বিতৰণ ব্যৱস্থাতো ব্যাপক প্রভাৱ পৰিব। ব্লুমবার্গে প্ৰকাশ কৰা মতে, ইন্ধনৰ নাটনিৰ বাবে সমগ্র বিশ্বতে খাদ্য যোগান ব্যৱস্থা ব্যাহত হ'বলৈ আৰম্ভ হৈছে। বিশেষকৈ আমদানিত নিৰ্ভৰশীল দেশবোৰত খাদ্য যোগান ব্যৱস্থাত ব্যাপক প্রভাৱ পৰিছে। এই সমগ্র যোগান শৃংখল প্রধানকৈ ব্যাহত হৈছে ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ বাবে। গুৰুত্বপূৰ্ণ জল পৰিবহণ পথটো বন্ধ কৰি দিয়াৰ বাবে কেৱল তেল আৰু এল পি জি যোগানেই ব্যাহত হোৱা নাই, খাদ্য-সামগ্ৰী আৰু কৃষি সামগ্রী পৰিবহণতো গুৰুতৰ প্ৰভাৱ পৰিছে। বিশেষকৈ আমদানিকৃত অত্যাৱশ্যকীয় সামগ্রী পৰিবহণ পদ্ধতিত গুৰুতৰ প্ৰভাৱ পৰিছে।
সমগ্র বিশ্বৰ লগতে ভাৰতৰ দৰে জনবহুল দেশত ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰাৰ আশংকা ঘনীভূত হৈছে। ভাৰতৰ দৰে বিশাল জনসংখ্যা থকা দেশত যদি এইদৰে ইন্ধনৰ ব্যয় বৃদ্ধি, সাৰৰ নাটনি, যোগান শৃংখল ব্যাহত হৈ থাকে তেনেহ'লে শীঘ্রেই বহু লোক অনাহাৰে কটোৱাটো নিশ্চিত হৈ পৰিছে। চাহিদা অনুসৰি যোগান ব্যাহত হোৱাৰ লগে লগে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাব।