মধ্যপ্রাচ্যৰ যুদ্ধই আনিছে গভীৰ সংকট, দেশত বৃদ্ধি হ'ব অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম

dainik janambhumi April 01, 2026

ডিজিটেল ডেস্ক: ইৰানৰ আৰু আমেৰিকা-ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ এতিয়া ভাৰতত পৰাটো গৃহিণীৰ পাকঘৰৰ লগতে চিকিৎসা সামগ্রীতো প্রভাৱ পেলাইছে। যুদ্ধৰ লগতে হৰমুজ প্রণালী বন্ধ হৈ পৰাৰ ফলত খাৰুৱা তেল আৰু আন কিছুমান কেঁচা মালৰ দাম বৃদ্ধি পোৱাৰ পাছত এতিয়া ভাৰতত কোম্পানীসমূহে দাম বৃদ্ধিৰ কথা বিবেচনা কৰি আছে। ইয়াৰ ফলত অহা মাহত বটলত পোৱা পানী, নিমখ, তেলৰ দৰে নিত্যব্যৱহার্য সামগ্ৰী আৰু এ চি, ৰেফ্ৰিজাৰেটৰৰ দৰে উপভোক্তাই দীর্ঘদিন ব্যৱহাৰ কৰিব পৰা সামগ্ৰী আৰু চিকিৎসা সঁজুলিৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 

আচলতে মধ্যপ্রাচ্যৰ যুদ্ধই ভাৰতৰ প্লাষ্টিক উদ্যোগৰ মেৰুদণ্ড ভাঙি পেলাইছে। যোৱা এমাহত প্লাষ্টিক উদ্যোগৰ কেঁচা মালৰ দাম ৫০-৭০% বৃদ্ধি কৰিছে। সর্বাধিক ব্যৱহাৰ কৰা প্লাষ্টিকৰ দানা এল ডি পি ইৰ দাম প্রতি কিল 'গ্রামত ১১০ টকাৰ পৰা ১৮০ টকালৈ বৃদ্ধি পাইছে। আন পলিমাৰ আৰু কেঁচা সামগ্ৰীৰ দামো প্রতি টনত ৩০ হাজাৰৰ পৰা ৭০ হাজাৰ টকাপর্যন্ত বৃদ্ধি পাইছে। ইয়াৰ ফলত প্লাষ্টিকৰ কণ্টেইনাৰ তথা টেংকীৰ দাম ৩০-৪০% বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। সৰ্বভাৰতীয় প্লাষ্টিক উৎপাদন সন্থাৰ সভাপতি সুনীল শ্বাহে কয় যে প্লাষ্টিক উদ্যোগৰ সৈতে প্রায় ৫ লাখ লোক জড়িত হৈ আছে। সংকট বৃদ্ধি পালে ইয়াৰে ২-৩ লাখ লোক নিবনুৱা হৈ পৰাৰ সম্ভাৱনা আছে। তেওঁ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে প্লাষ্টিকৰ সামগ্ৰীত আৰোপ কৰা জি এছ টি ১৮%ৰ পৰা ৫%লৈ হ্রাস কৰাৰ দাবী জনায়। ইয়াৰ লগতে বেংকিং মূলধনৰ সীমা ২০% বৃদ্ধি কৰাৰো তেওঁ দাবী কৰে। ইয়াৰ প্ৰভাৱ দেশৰ প্রায় ৫০ হাজাৰ প্লাষ্টিক উদ্যোগত পৰিছে। 

বাণিজ্যিক এল পি জি সংকটৰ ফলত অধিকাংশ গোটে উৎপাদন বন্ধ কৰিবলগীয়া হৈছে। অনুমান কৰা মতে, প্রায় ২০হাজাৰ ক্ষুদ্র প্লাষ্টিক উদ্যোগ বন্ধ হৈ পৰিছে। হায়দৰাবাদৰ এটা ই পি ই উৎপাদন কোম্পানীয়ে কয়, 'আমি গেছনহ'লে উৎপাদন কৰিব নোৱাৰোঁ। প্রতি কিলোত ৮০ টকা বাদেই ডেৰশ টকাতো আমি পোৱা নাই।' 

গুজৰাটৰ ৰাজকোটত ৪০টাতকৈ অধিক ক্ষুদ্র উদ্যোগ বন্ধ হৈ পৰে। প্লাষ্টিক পেকেজিং উৎপাদন কৰা কোম্পানীসমূহে দীর্ঘদিন নিজৰ উপাৰ্জনক লৈ চাপৰ বোজা সহিব পৰা নাই। ভালেমান গোটে পুৰণি অৰ্ডাৰ বাতিল কৰিবলৈ বাধ্য হৈছে। ইফালে এই সংকটৰ ফলত পেটকোক, কয়লা আৰু পেকেজিং সামগ্ৰীৰ দাম হঠাতে বৃদ্ধি পায়। ইয়াৰ প্রভাৱ পৰিছে চিমেন্ট উদ্যোগতো। বিশেষজ্ঞসকলৰ মতে, এই ভূৰাজনৈতিক সংকটৰ ফলত চিমেণ্টৰ প্রতি টনত দাম ১৫০ টকাৰ পৰা ২০০ টকা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। চিমেণ্টৰ বস্তা তৈয়াৰ কৰাত ব্যৱহাৰ কৰা পলিপ্ৰপাইলিনৰ খাৰুৱা তেলৰ লগত সম্পর্ক আছে। এই লোকচান পূৰণৰ বাবে কোম্পানীসমূহে দাম ৪-৫% বৃদ্ধি কৰিব লাগিব। কেঁচা মালৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন সামগ্ৰীৰ দাম ৭-১০% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 

উল্লেখযোগ্য যে আজিকালি বিভিন্ন সামগ্রী প্লাষ্টিকৰ পেকেটত পেকেজিং কৰা হয়। প্লাষ্টিকৰ দাম বৃদ্ধিৰ লগে লগে নিমখ, খোৱা তেলকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰো দাম বৃদ্ধিৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজস্থান, মুম্বাই তথা গুজৰাটৰ দৰে ৰাজ্যত এল পি জিৰ সংকটে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজস্থানত বাণিজ্যিক এল পি জিৰ যোগান বন্ধ হৈ পৰাৰ ফলত বস্তু, মাৰ্বল আৰু ৰাসায়নিকৰ কেইবা হাজাৰ কাৰখানা বন্ধ হৈ পৰে। ইয়াৰ ফলত লাখ লাখ শ্রমিক দুবেলা দুমুঠি যোগাৰ কৰাত সংকটৰ সম্মুখীন হৈছে আৰু কৰ'না কালৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰখানা বন্ধ হৈ পৰাৰ ফলত সংস্থাপন হেৰুৱাই পেলোৱা বৃহৎসংখ্যক শ্রমিকে এতিয়া ঘৰলৈ উভতি যোৱাৰ বাবে ৰে'ল ষ্টেছনত ভিৰ কৰিছে। বৰ ছিল আৰু ৰাসায়নিক প্ৰকল্পৰ দৰে ডাঙৰ উদ্যোগ বন্ধ হৈ পৰাৰ ফালত শ্ৰমিকসকলক ঘৰলৈ ঘূৰাই পঠিওৱা হৈছে। ইয়াৰ ফলত কৰ'নাৰ সময়ৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। মুম্বাইত এটা চিলিণ্ডাৰৰ বাবে দীঘলীয়া শাৰী পাতি ৰৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ক'লা বজাৰত দুই-তিনিগুণ দামত চিলিণ্ডাৰ বিক্ৰী কৰি থকা হৈছে। দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইৰ ৰে'ল স্টেছনসমূহত পলায়ন কৰা শ্রমিকৰ ভিৰ দেখা পোৱা গৈছে। মহানগৰখনত এতিয়া এটা চিলিণ্ডাৰৰ দাম ২৫০০-৩০০০ টকা পর্যন্ত হৈছে, কিন্তু তাৰ পাছতো চিলিণ্ডাৰ পাবলৈ নাই। গুজৰাটৰ পৰা পলায়ন কৰা শ্রমিকসকলে কয় যে তেওঁলোক থকা স্থানত খাদ্য ৰন্ধাটোৱেই সমস্যা হৈ পৰিছে, তাত থকাটো এতিয়া অর্থহীন হৈ পৰিছে। এই প্রবাসী শ্রমিকসকলে এতিয়া নিজৰ বাচন-বর্তন তথা বিছনা-পত্র বান্ধি নিজৰ ৰাজ্যলৈ উভতিবলৈ লৈছে। তেওঁলোকৰ মতে, এতিয়া ছুৰাটৰ দৰে মহানগৰত বাহিৰৰ খাদ্য খোৱাটোও কঠিন হৈ পৰিছে আৰু দাম বৃদ্ধিৰ বাবে দিনটোৰ উপাৰ্জনৰ সকলো ধন মাত্র এবাৰ খাওঁতেই শেষ হৈ যায়। দেশৰ বিভিন্ন ৰাজ্যত এল পি জিৰ সংকটে হাহাকাৰৰ সৃষ্টি কৰাৰ সময়তে চৰকাৰে দোহাৰে যে দেশত পেট্রল আৰু ডিজেলৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত থকাৰ লগতে এল পি জিব উৎপাদনো বৃদ্ধি পাইছে। 

পেট্রলিয়াম মন্ত্র্যালয়ৰ যুটীয়া সচিব সুজাতা শর্মাই কয় যে জনসাধাৰণ শংকিত হৈ পৰিব নালাগে। তেওঁ কয়, 'আমাৰ হাতত পর্যাপ্ত পৰিমাণে প্রাকৃতিক গেছ মজুত আছে। ঘৰলৈ এল পি জি আৰু যানবাহনৰ চলাচলৰ বাবে পর্যাপ্ত পৰিমাণৰ চি এন জিৰ ১০০% যোগান অব্যাহত আছে। 
উদ্যোগসমূহলৈ প্রাকৃতিক গেছৰ যোগান ৮০% তথা সাৰ উদ্যোগলৈ ৭০-৭৫% গেছৰ যোগান ধৰা হৈছে। ইয়াৰ লগতে কোম্পানীসমূহত মানুহৰ ঘৰত পি এন জিৰ সংযোগ দিয়া কাৰ্য ক্ষিপ্ৰ কৰিবলৈ নির্দেশ দিয়া হৈছে। 

মার্চত ২.৭ লাখ নতুন সংযোগ দিয়া হয় বুলি তেওঁ প্রকাশ কৰে। আনহাতে, যিবিলাক উপভোক্তাৰ ঘৰৰ কাষেৰে পি এন জি লাইন গৈছে, সেই ঘৰবিলাকলৈ পাইপ গেছৰ সংযোগ বাধ্যতামূলক কৰাৰ সীমা জুনলৈ বৃদ্ধি কৰা হৈছে। ইফালে বেটিং এজেন্সী কেয়াৰেজ গ্ল'বেলে কয় যে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম প্রতি বেৰলত দহ ডলাৰ বৃদ্ধি পালে ভাৰতৰ মুদ্রাস্ফীতিৰ হাৰ ০.৬০% হ্রাস পাব। প্রতিষ্ঠানটোৰ মতে, খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বোজা দেশৰ তেল বিপণন কোম্পানীবোৰে প্ৰথম অৱস্থাত সহি থাকিলেও পাছত ইয়াৰ বোজা উপভোক্তাক জাপি দিবলৈ বাধ্য হ'ব।

Share This