নেদাৰলেণ্ডত বিহুগীত-নাচ উপভোগ কৰি আপ্লুত প্রধানমন্ত্রী

dainik janambhumi May 17, 2026

ডিজিটেল ডেস্ক: বিহু আমাৰ মান, বিহুতে লুকাই থাকে আমাৰ প্রাণ। কালি নেদাৰলেণ্ডতো প্ৰৱাসী অসমীয়াসকলে অসমীয়াৰ প্ৰাণৰ বিহু নাচেৰে আদৰণি জনালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক। বিদেশৰ ভূমিত নাচনীৰ লয়লাস নৃত্য আৰু অসমীয়া বিহু গীতৰ অমীয়া সুৰ শুনি আপ্লুত হৈ পৰিল প্ৰধানমন্ত্ৰীগৰাকীও। তেওঁ বিহু নৃত্য পৰিৱেশন কৰা নাচনীসকলৰ সৈতে বার্তালাপত মিলিত হোৱাৰ লগতে ফটোও উঠে। 

আনহাতে প্ৰৱাসী অসমীয়াসকলে প্রধানমন্ত্রীক বিহু নৃত্যৰে আদৰা কাৰ্যক প্রশংসা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। প্ৰধানমন্ত্ৰীৰ সন্মুখত প্রৱাসী অসমীয়াসকলে প্রদর্শন কৰা বিহু নৃত্যৰ এটা ভিডিঅ' আপলোড কৰি ছচিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'নেদাৰলেণ্ডছৰ ভূমিত আমাৰ বিহুৰ ছন্দ, বিশ্ব দৰবাৰত অসমীয়া সংস্কৃতিৰ গৌৰৱ। 

আমাৰ দেশৰ মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত গুঞ্জৰিত হ'ল অসমৰ বিহুৰ সুৰ। এয়া কেৱল এক নৃত্য নহয়, এয়া অসমৰ আত্মপৰিচয়, গৌৰৱ আৰু ঐতিহ্যৰ বিশ্বমঞ্চত উজ্জ্বল প্রকাশ।'

Share This