'মন কী বাত'ত প্রধানমন্ত্রী, 'বিশ্বৰ সাম্প্ৰতিক সংকটত ঐক্যবদ্ধ হৈ যুঁজিব লাগিব'

dainik janambhumi March 30, 2026

ডিজিটেল ডেস্ক: পশ্চিম এছিয়াত চলি থকা ভয়ংকৰ যুদ্ধই সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহৰ সকলো নাগৰিক ঐক্যবদ্ধ হৈ সন্মুখীন হোৱাৰ আহবান জনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি সকলোকে সতর্ক হৈ থাকিবলৈ আৰু উৰা বাতৰিৰ দ্বাৰা প্ৰভাৱিত নহ'বলৈ কয়। 

প্রধানমন্ত্রীয়ে তেওঁৰ আকাশবাণীৰ মাহেকীয়া অনুষ্ঠান 'মন কী বাত'ত এই আহ্বান জনাই কয় যে পাৰস্য উপসাগৰীয় দেশবোৰত থকা আৰু তাত কৰ্মৰত এক কোটি ভাৰতীয়ক সম্ভৱপৰ সকলোধৰণৰ সহায় কৰাৰ কাৰণে সংশ্লিষ্ট দেশবোৰৰ প্রতি ভাৰত অতি কৃতজ্ঞ। প্রধানমন্ত্রীয়ে কয়, 'আমাৰ কাষতে এমাহতকৈ অধিক সময় যুদ্ধ চলি আছে। নিঃসন্দেহে ই প্রত্যাহ্বানপূর্ণ সময়। মই আজি মন কী বাতৰ জৰিয়তে ১৪০ কোটি দেশবাসীক পুনৰ এবাৰ আহ্বান জনাওঁ যে এই প্রত্যাহবান পাৰ হ'বলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগিব। মই সকলো দেশবাসীক আবেদন জনাইছোঁ যে তেওঁলোক সতর্ক হৈ থাকক আৰু উৰাবাতৰিৰ দ্বাৰা প্ৰভাৱিত নহ'ব।' তেওঁ লগতে কয় যে একাংশ লোকে পৰিস্থিতি বিনষ্ট কৰাৰ প্ৰচেষ্টা চলাই আছে, যিটো অতি ক্ষতিকাৰক। 
জনসাধাৰণে কেৱল চৰকাৰে দিয়া আনুষ্ঠানিক তথ্যতহে ভৰসা ৰাখিব লাগে। প্রধানমন্ত্রীয়ে পশ্চিম এছিয়াত চলি থকা যুদ্ধ আৰু হৰমুজ প্রণালী বন্ধ হৈ পৰাৰ ফলত সৃষ্টি হোৱা সংকটক লৈ উদ্বেগ প্রকাশ কৰে। তেওঁ কয় যে মার্চ মাহটো বিশ্ব পর্যায়ত যথেষ্ট উত্থান-পতনেৰে ভৰপূৰ আৰু বিশ্ব আকৌ এবাৰ সংকটৰ মাজেৰে গতি কৰিছে। 

প্রধানমন্ত্রীয়ে কয় যে কভিড-১৯ মহামাৰীৰ পাছত এই বুলি আশা কৰা হৈছিল যে বিশ্ব দ্রুত গতিত বিকাশৰ পথত আগবাঢ়িব, কিন্তু ইয়াৰ বিপৰীতে কেইবাটাও অঞ্চলত একেৰাহে যুদ্ধ আৰু সংঘৰ্ষৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। 
আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজত হোৱা যুদ্ধৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'যোৱা এমাহে আমাৰ কাষতে ভয়াবহ সংঘর্ষ অব্যাহত আছে। বিশ্বত বর্ধিত উত্তেজনাৰ মাজতে পেট্রল আৰু ডিজেলক যি সংকটৰ সৃষ্টি হৈছে ভাৰত এই প্রত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু।' তেওঁ কয় যে চৰকাৰে অহৰহ পৰিস্থিতিৰ প্রতি চকু ৰাখিছে আৰু প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। 'যিটো অঞ্চলত যুদ্ধ এতিয়াও চলি আছে, সেই অঞ্চলটো আমাৰ শক্তিৰ প্রয়োজনীয়তাৰ বৃহৎ কেন্দ্ৰ। ইয়াৰ ফলত সমগ্র বিশ্বত পেট্রল আৰু ডিজেলৰ সংকটৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, 'আমাৰ বিশ্ব পর্যায়ত সম্পর্ক, বিভিন্ন দেশৰ সৈতে লাভ কৰা সহযোগ আৰু যোৱা এটা দশকত দেশৰ যি সামর্থ্য আহৰণ কৰিছে, ইয়াক জৰিয়তে ভাৰতে এই পৰিস্থিতিৰ সৈতে সাহসেৰে মোকাবিলা কৰিছে।' প্রধানমন্ত্রীয়ে কয় যে দেশৰ শক্তি কোটি কোটি লোকৰ মাজত নিহিত হৈ আছে। প্রধানমন্ত্রীয়ে জনসাধাৰণক সতৰ্ক হৈ থকা, সংযম হৈ থকা আৰু চৰকাৰৰ নীতি-নির্দেশ মানি চলিবলৈ আহবান জনায়, যাতে দেশ এই বিশ্ব সংকটৰ পৰা সুৰক্ষিত আৰু শক্তিশালীভাৱে বাহিৰলৈ ওলাই আহিব পাৰে। 

প্রধানমন্ত্রীয়ে 'মন কী বাত'ত কয়, 'মই সদায় আপোনালোক সকলোকে নিজৰ ফিটনেছত গুৰুত্ব দিবলৈ জনাই আহিছোঁ। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ এতিয়া ১০০ দিনতকৈ কম সময় আছে। সমগ্র বিশ্বতে যোগৰ প্ৰতি আকর্ষণ অহৰহ বৃদ্ধি পাইছে। আফ্রিকাৰ জিবুতিত অগ্নিছজীয়ে নিজৰ অৰবিন্দ যোগ চেণ্টাৰৰ জৰিয়তে যোগক জনপ্রিয় কৰি তুলিছে। তেওঁ তাৰ আন স্থানতো যোগ শিকায়। আপোনালোকৰ ভালেমানে ইনষ্টাগ্রাম কন্টেন্ট ক্রিয়েটৰ যুৱৰাজ ডুৱাৰ প'ষ্টত মোৰ উত্তৰক লৈ মন্তব্য দিছে। তেওঁ মোক এই বুলি অনুৰোধ জনাইছিল যে মই তেওঁৰ পিতৃক চেনি কমকৈ খাবলৈ অনুৰোধ জনাব লাগে। মোৰ অনুৰোধত তেওঁক পিতৃৰ ওপৰত ইতিবাচক প্রভাৱ পৰাত মই সুখী হৈছোঁ। মই আপোনালোক সকলোকে চেনি কমকৈ খাবলৈ অনুৰোধ জনাইছোঁ। আৰু মই আগতে কোৱাৰ দৰে খোৱা তেলৰ ব্যৱহাৰ ১০% কৰ্তন কৰিব লাগে। এই সৰু সৰু প্ৰচেষ্টাৰ জৰিয়তে আপোনালোক মেদবহুলতা আৰু জীৱনশৈলীৰ সৈতে জড়িত ৰোগৰ পৰা দূৰত থাকিব পাৰিব।' 

প্রধানমন্ত্রীয়ে অনুষ্ঠানটোত 'জ্ঞান ভাৰতম' জৰীপৰ বিষয়েও উল্লেখ কৰে। এই জৰীপৰ সম্পৰ্ক ভাৰতৰ মহান সংস্কৃতি আৰু সমৃদ্ধ ঐতিহ্যৰ সৈতে জড়িত। এই জৰীপৰ উদ্দেশ্য হ'ল সমগ্র দেশতে থকা পাণ্ডুলিপিসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা। এই জৰীপৰ সৈতে জড়িত হোৱাৰ এক মাধ্যম হ'ল জ্ঞান ভাৰতম এপ।

Share This