ডিজিটেল ডেস্ক : প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তামিলনাডুৰ ৰামেশ্বৰমত নতুন পাম্বন দলং মুকলি কৰে। এছিয়াৰ প্ৰথমখন ভার্টিকেল লিফ্ট স্পেন ৰে'লৱে দলংখন ২.০৮ কিল'মিটাৰ দীঘল আৰু ২০১৯ চনত দলংখনৰ আধাৰশিলা প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ৰাম নৱমীৰ দিনটোত তামিলনাডুত কালি প্রায় ৮,৩০০ কোটি টকাৰ ৰে'লৱে আৰু পথ প্রকল্প মুকলি তথা আধাৰশিলা স্থাপন কৰে। দেশত চলি থকা ভাষা বিবাদৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টালিন প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত নাথাকিল।
উক্ত দলংখনে ৰামেশ্বৰমক (পাম্বন দ্বীপ) তামিলনাডুৰ মণ্ডপমত ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সংযোজিত কৰিছে। ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই দলংখন দুটা ট্রেক আৰু হাইস্পীড ৰে'ল চলাব পৰাকৈ ডিজাইন কৰা হৈছে। মামৰ আৰু সাগৰৰ লুণীয়া পানীৰ পৰা ৰক্ষা কৰাৰ কাৰণে ষ্টীলেৰে নিৰ্মিত দলংখনত পলিছিল'ক্সেন কটিং কৰা হৈছে। উল্লেখযোগ্য যে পুৰণা দলংখন মামৰে নষ্ট কৰাৰ পাছত ২০২২ চনত বন্ধ কৰি দিয়া হৈছিল। প্ৰকল্পসমূহ মুকলি কৰি দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে ভাষা বিবাদৰ কাৰণে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ষ্টালিনক সমালোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ তামিলনাডুৰ ভালেমান নেতাৰ পত্ৰ লাভ কৰিছে, কিন্তু ইয়াত কোনেও তামিল ভাষাত স্বাক্ষৰ কৰা নাই। তেওঁ কয়, 'যদি তামিল ভাষাক লৈ ইমান গৰ্ব কৰেই, তেন্তে স্বাক্ষৰো তামিল ভাষাত কৰা উচিত। তামিল ভাষা আৰু তামিল ঐতিহ্যক বিশ্বৰ প্ৰতিটো প্ৰান্তলৈ নিয়াৰ কাৰণে তেওঁৰ চৰকাৰে কাম কৰি থকা বুলি প্রধানমন্ত্রীয়ে কয়। প্রধানমন্ত্ৰীয়ে কয়, 'আজি ৰাম নৱমীৰ পাৱন পর্ব। এই বিশেষ ক্ষণত ৰামনাথস্বামী মন্দিৰত প্ৰাৰ্থনা কৰাৰ সৌভাগ্য হয়। ৰাম নৱমীৰ দিনাই তামিলনাডুত ৮,৩০০ কোটি টকাৰ প্ৰকল্প দেশৰ প্ৰতি উৎসৰ্গা কৰাৰ সুযোগ লাভ কৰিছোঁ।' তেওঁ ভাষা বিবাদক লৈ ৰাজ্যখনত শাসনত থকা ডি এম কে আৰু মুখ্যমন্ত্রী ষ্টালিনক কঠোৰ ভাষাৰে সমালোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে কয়, 'ডাক্তৰীৰ পঢ়া-শুনা তামিল ভাষাত কৰোৱাৰ বাবে মই ৰাজ্য চৰকাৰক দাবী জনাইছোঁ।' প্রধানমন্ত্রীয়ে কয় যে তামিলনাডু চৰকাৰে যোৱা দুমাহে নতুন শিক্ষা নীতিৰ অধীনত ত্ৰিভাষীয় নীতি কাৰ্যকৰী কৰাৰ বিৰোধিতা কৰি আহিছে। নতুন শিক্ষা নীতিৰ অধীনত তামিল আৰু ইংৰাজীৰ উপৰি হিন্দী ভাষাক শিক্ষাৰ মাধ্যমৰূপে চামিল কৰিবলৈ বিচৰা হৈছে। ডি এম কেৰ মুৰব্বী তথা মুখ্যমন্ত্রী ষ্টালিনে ইয়াৰ বিৰোধিতা কৰি আহিছে।