ডিজিটেল ডেস্ক : দুখন দেশৰ ভ্রমণসূচী লৈ শনিবাৰে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী দেশৰ পৰা ৰাওনা হয়। এইবাৰ মোদীয়ে ফ্রান্স আৰু শ্লোভাকিয়া ভ্রমণ কৰিব আৰু দুয়োখন দেশৰ নেতৃত্বৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। তদুপৰি প্ৰধানমন্ত্ৰীয়ে জি-৭ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব।
কালি ৰাওনা হোৱাৰ আগতে প্রধানমন্ত্রী মোদীয়ে কয়, 'জি-৭ শীর্ষ সন্মিলনত ভাৰতে কেৱল নিজৰ দেশৰ কথাই নক'ব, গ্ল'বেল ছাউথৰ আকাংক্ষাৰ বাবেও মাত মাতিব।' তেওঁ লগতে কয়, 'জি-৭ শীর্ষ সন্মিলনলৈ এইবাৰৰ সৈতে ভাৰতে একেৰাহে ৮বাৰ নিমন্ত্রিত হৈছে।'
উল্লেখযোগ্য যে ১৬ আৰু ১৭ জুনত ফ্ৰান্সৰ ইভিআঁত জি-৭ শীর্ষ সন্মিলন অনুষ্ঠিত হ'ব। তেওঁ আৰু কয়, 'মই আত্মবিশ্বাসী যে মোৰ ফ্ৰান্স আৰু শ্লোভাক প্রজাতন্ত্র ভ্রমণে ইউৰোপ আৰু জি-৭ৰ সৈতে ভাৰতৰ ক্ৰমাৎ বৃদ্ধি পোৱা অংশগ্রহণে শক্তিশালী কৰিব।' ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রন নিমন্ত্রণত ফ্রান্সলৈ প্রধানমন্ত্রী চৰকাৰী ভ্ৰমণত গৈছে। প্রধানমন্ত্রী মোদীৰ ভ্ৰমণসূচী মতে, তেওঁ ১৩-১৪ জুনত মোদী নীচ মহানগৰ আৰু ১৬-১৯ জুনলৈ পেৰিছত থাকিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত তেওঁ নীচত ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হ'ব। তদুপৰি নীচত দুয়োজন নেতাই 'ভাৰত ইন'ভেছ' অনুষ্ঠান মুকলি কৰিব।
উক্ত অনুষ্ঠানত ভাৰত, ফ্রান্স আৰু অন্য দেশৰ শীৰ্ষ ষ্টার্ট-আপ আৰু ভেনছাৰ কেপিটেল ফাণ্ড মিলিত হ'ব। উল্লেখযোগ্য যে 'ভাৰত-ফ্ৰান্সৰ উদ্ভাৱন বর্ষ'তে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভ্ৰমণৰ দ্বিতীয় পর্যায়ত ১৪-১৬ জুনলৈ মোদীয়ে ভ্রমণ কৰিব শ্লোভাক ৰিপাব্লিক। ১৯৯৩ চনত শ্লোভাকিয়াই স্বাধীন হোৱাৰ পাছত এয়া হ'ব কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম শ্লোভাক ৰিপাব্লিক ভ্রমণ। প্রধানমন্ত্রী মোদীয়ে তাত দেশখনৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিক'ৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হ'ব আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰ উদ্ভাৱন কৰিব। ভ্রমণসূচীৰ তৃতীয় পর্যায়ত ১৬-১৭ জুনত মোদীয়ে ফ্ৰান্সৰ ইভিআঁত অনুষ্ঠিত হ'বলগীয়া জি-৭ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব।
জি-৭ শীর্ষ সন্মিলনৰ মূল সভাৰ আজৰি সময়খিনিত প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ বিভিন্ন নেতাৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হ'ব। প্রধানমন্ত্রী মোদী ফ্রান্সত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতেও ১৭ জুনত দ্বি-পাক্ষিক বৈঠকত মিলিত হ'ব। হোৱাইট হাউছে এই কথা নিশ্চিত কৰিছে।