ডিজিটেল ডেস্কঃ 'গ্রেট পেট্রিয়'টিক ৱাৰ'ৰ বিজয়ৰ ৮০সংখ্যক বাৰ্ষিকীৰ উপলক্ষ্যত মস্কোৰ ৰে'ড স্কোৱাৰত অহা ৯ মে'ত আয়োজিত পেৰেডত অংশ ল'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। ৰাছিয়ান সংবাদ মাধ্যম টাছে বুধবাৰে এই কথা প্রকাশ কৰি কয় যে দেশখনৰ সামৰিক বাহিনীৰ সূত্ৰই প্রধানমন্ত্রী মোদীৰ ৰাছিয়া ভ্ৰমণৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে।
সামৰিক সূত্ৰৰ উদ্ধৃতি দি টাছে কয় যে ৰে'ড স্কোৱাৰত অনুষ্ঠিত হ'বলগীয়া পেৰেডত ভাৰতীয় সশস্ত্র বাহিনীৰ এটা অংশয়ো পেৰেডত অংশগ্রহণ কৰিব আৰু অনুশীলনৰ বাবে কমেও এমাহৰ পূৰ্বে ৰাছিয়াত উপস্থিত হ'ব। পেৰেডত অংশ লোৱাৰ বাবে ভাৰতীয় সেনাৰ লোকক পঠিয়াব নে নাই সেই বিষয়ত ভাৰতৰ সৈতে আলোচনা চলি আছে বুলি সূত্ৰটোৱে সদৰী কৰে।
ৰাছিয়াৰ বিদেশ মন্ত্রী ছার্গেই লাভৰ'ভে কয় যে ৯ মে'ত মস্কোত হ'বলগীয়া অনুষ্ঠানটোৰ বাবে বহুকেইখন দেশে তেওঁলোকৰ অংশগ্ৰহণৰ নিশ্চিতি প্রদান কৰিছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ অক্টোবৰ মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ আমন্ত্রণক্রমে ১৬সংখ্যক ব্রীকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ প্রধানমন্ত্রী মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল।