সৰ্বাধিক দিন চৰকাৰৰ মুৰব্বীৰূপে কাৰ্যনির্বাহ, প্রধানমন্ত্রী মোদীৰ অভিলেখ

dainik janambhumi March 23, 2026

ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সর্বাধিক দিন চৰকাৰৰ মুৰব্বীৰূপে থকাৰ অভিলেখ গঢ়ে। তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী তথা প্রধানমন্ত্রীৰূপে ৮,৯৩১ দিন সম্পূৰ্ণ কৰাৰ লগে লগে এই অভিলেখ গঢ়ে। ইয়াৰ আগতে এই অভিলেখৰ গৰাকী আছিল ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্রী পৱনকুমাৰ ছামলিং। 

ছামলিং ৮৯৩০ দিন মুখ্যমন্ত্ৰীৰ পদত আছিল। ইয়াৰ আগতে প্রধানমন্ত্রী গুজৰাটত সৰ্বাধিক সময় সেৱা আগবঢ়োৱা মুখ্যমন্ত্রী আছিল। তেওঁ চাৰিবাৰ গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্রহণ কৰিছিল। বিগত ২৫ বছৰত মোদী ১৪ বছৰ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল। তেওঁ এতিয়ালৈকে একেৰাহে ১১ বছৰ দেশৰ প্ৰধানমন্ত্ৰীৰ পদত আছে। 

উল্লেখযোগ্য যে মোদীয়ে যোৱা বছৰ ইন্দিৰা গান্ধীৰ ৪০৭৭ দিন প্ৰধানমন্ত্ৰী হৈ থকাৰ অভিলেখ ভংগ কৰে। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ আজি ৪৩১৮ দিন সম্পূর্ণ কৰে। অৱশ্যে দেশৰ সৰ্বাধিক ৬১২৬ দিন প্ৰধানমন্ত্ৰীৰ পদত থকাৰ অভিলেখৰ গৰাকী হ'ল পণ্ডিত জৱাহৰলাল নেহৰু।

Share This