প্রধানমন্ত্রী মোদীয়ে কৰ্মৰ আধা সময় বিদেশত কটায়ঃ প্রিয়ংকা

dainik janambhumi December 11, 2025

ডিজিটেল ডেস্কঃ লোক সভাত বিৰোধী দলপতি তথা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে সংসদৰ শীতকালীন অধিৱেশন চলি থকাৰ সময়তে জার্মানি ভ্রমণ কৰিবলৈ যাব। তেওঁৰ এই বিদেশ ভ্রমণক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। বিজেপিয়ে ৰাহুল গান্ধীৰ এই বিদেশ ভ্রমণক কঠোৰ ভাষাৰে সমালোচনা কৰে। 

উল্লেখযোগ্য যে গান্ধীয়ে বার্লিনত ১৫-২০ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়ান অ'ভাৰছিজ কংগ্ৰেছৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে জার্মানিলৈ যাব। বিজেপিৰ মুখপাত্র শ্বাহজাদ পুনাৱালাই প্রশ্ন কৰে যে গান্ধী বিৰোধী পক্ষৰ নেতা (এল অ'পি) নে পৰ্যটনৰ নেতা। তেওঁ কয় যে সংসদৰ অধিৱেশন ১৯ ডিচেম্বৰলৈ চলিব তাৰ পাছতো গান্ধীয়ে ১৫-২০ ডিচেম্বৰলৈ জার্মানি ভ্রমণ কৰিব। তেওঁ কয় যে গান্ধীয়ে কোনো কথাই গুৰুত্বসহকাৰে নলয়। তেওঁ গহীন নহয়। জনসাধাৰণ কাম কৰাত ব্যস্ত আৰু গান্ধীয়ে অৱসৰ বিনোদন কৰাত ব্যস্ত হৈ আছে। 

ইফালে, বিজেপিক উভতি ধৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা গান্ধীৰ ভগ্নী প্রিয়ংকা গান্ধী ভদ্রাই। প্রিয়ংকাই ৰাহুল গান্ধীক সমর্থন জনাই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কামৰ আধা সময় বিদেশত কটায়। তাৰ পাছতো বিজেপিয়ে বিৰোধী পক্ষৰ নেতাজনৰ বিদেশ ভ্রমণক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে। কংগ্ৰেছৰ নেত্রী সুপ্রিয়া শ্রীনেতে কয় যে প্ৰধানমন্ত্ৰীৰ ৮৫% বিদেশ ভ্রমণ সংসদৰ অধিৱেশন চলি থকাৰ সময়তে কৰা হৈছে।

Share This