নতুন দিল্লীত নাৰী শক্তি বন্দন সন্মিলনত প্রধানমন্ত্রী মোদী, ভাৰত একবিংশ শতিকাৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দুৱাৰৰ্ডলিত

dainik janambhumi April 15, 2026

ডিজিটেল ডেস্ক: 'ভাৰতে একবিংশ শতিকাৰ এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ দুৱাৰডলিত উপস্থিত হৈছে। সেয়া হৈছে মহিলাৰ সংৰক্ষণ আইন সংশোধনেৰে ২০২৯ চনত ইয়াক কাৰ্যকৰী কৰা।' এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ। 

 

সোমাবাৰে নতুন দিল্লীত অনুষ্ঠিত নাৰী শক্তি বন্দন সন্মিলনত ভাগ লৈ মোদীয়ে কয় যে আমাৰ দেশৰ সংসদে এক নতুন ইতিহাস গঢ়াৰ দিশত আগবাঢ়িছে। নাৰী শক্তি বন্দন আইনে আমাক অতীতৰ লক্ষ্যসমূহ সোঁৱৰাই দিয়াৰ লগতে ভৱিষ্যতৰ সংকল্পসমূহ পূৰণ কৰিবলৈ উৎসাহ যোগাব। দেশৰ প্ৰশাসনিক ক্ষেত্ৰলৈ মহিলাৰ অৱদানক স্মৰণ কৰি তেওঁ কয় যে এই আইন কার্যকৰী হোৱাৰ পাছত মহিলাসকলে অধিক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিবলৈ আগ্রহী হৈ আছে। 

 

ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খর্গেই সোমবাৰে কয় যে নাৰী শক্তি বন্দন আইনৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত ১৫ এপ্ৰিলত কংগ্ৰেছৰ নেতৃত্বত সকলো বিৰোধী দলৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ'ব। 

 

উল্লেখযোগ্য যে আইনখনৰ সন্দৰ্ভত সংসদত ১৬-১৮ এপ্রিললৈ তিনিদিনীয়া বিতর্কও অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে বিৰোধী দলসমূহে আন এখন বৈঠকত ভাগ ল'ব।

Share This