প্রধানমন্ত্রী মোদীক 'অৰ্ডাৰ অব্ ওমান' প্রদান

dainik janambhumi December 19, 2025

ডিজিটেল ডেস্ক : ওমানৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাত আগবঢ়োৱা বৰঙনিৰ বাবে বৃহস্পতিবাৰে ওমানৰ চুলতান হাইথাম বিন তাৰিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশিষ্ট অসামৰিক সন্মান 'অৰ্ডাৰ অব্ ওমান' প্রদান কৰে। 

জর্ডান আৰু ইথিওপিয়াকে ধৰি ত্রিদেশীয় ভ্রমণসূচীৰ দুদিনীয়া ওমান ভ্ৰমণৰ সময়তে মোদীক এই সন্মান প্রদান কৰা হয়। উল্লেখযোগ্য যে শেহতীয়াকৈ ইথিওপিয়াৰ 'গ্রে'ট অনাৰ নিছান অব্ ইথিওপিয়া' আৰু কুৱেইটৰ 'অৰ্ডাৰ অব্ মুবাৰক আল-কবীৰ'কে ধৰি বিদেশী ৰাষ্ট্ৰৰ পৰা লাভ কৰা ২৮টাতকৈ অধিক সর্বোচ্চ অসামৰিক সন্মানত আজি যোগ হ'ল ওমানৰ সন্মান। 

উল্লেখযোগ্য যে ভাৰত আৰু ওমানৰ কূটনৈতিক সম্পৰ্কৰ ৭০সংখ্যক বার্ষিকী উপলক্ষে মোদী ওমানলৈ গৈছিল। তেওঁৰ এই ভ্ৰমণৰ সময়ছোৱাত দুয়োপক্ষই বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা আৰু সংস্কৃতিত কৌশলগত সহযোগিতা বৃদ্ধিৰ বিষয়ত আলোচনা কৰে।

Share This