ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে তেওঁৰ মন্ত্ৰী পৰিষদক ২০৪৭-ৰ বাবে তেওঁলোকৰ লক্ষ্য স্থিৰ কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে সেই সময়লৈ বিভিন্ন সংস্কাৰমূলক পদক্ষেপৰ দ্বাৰা জনসাধাৰণৰ জীৱন অধিক আৰামদায়ক হয়।
বৃহস্পতিবাৰে অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ ওপৰত সৰ্বাধিক জোৰ দিব লাগে, যাতে ভাৰতে স্বাধীনতাৰ শতবার্ষিকী পালন কৰি থকাৰ সময়ত ২০৪৭ চনত সর্বাংগীণ বিকাশ লাভকৰিব পৰা যায়। সূত্ৰসমূহৰ মতে, উক্ত বৈঠকত প্ৰধানমন্ত্ৰীয়ে সংস্কাৰ পদক্ষেপৰ বিস্তৃত ৰূপৰেখা প্রকাশ কৰে, যাৰ দ্বাৰা ২০৪৭ চনলৈ ভাৰত উন্নত বা বিকশিত দেশ হ'ব। প্রধানমন্ত্রীয়ে বাৰে বাৰে মন্ত্ৰীসকলক কয় যে তেওঁলোকৰ লক্ষ্য-উদ্দেশ্য হোৱা উচিত, সদায়ে জনসাধাৰণৰ জীৱনক আৰাম দিয়াটো আৰু জনসাধাৰণৰ 'জীৱনযাত্রা স্বাচ্ছন্দ্য' হোৱা উচিত।
তেওঁ আৰু কয় যে জনসাধাৰণৰ জীৱনত যিকোনো ধৰণৰে হস্তক্ষেপ থকা উচিত নহয়। চৰকাৰৰ কল্যাণমূলক আঁচনিৰ পৰা জনতাই যাতে সৰ্বাধিক উপকাৰ পাব পাৰে, তাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্রহণ কৰিব লাগে। মোদীয়ে মন্ত্রীসকলক কয় যে ইতিমধ্যে অতীতত কি কৰা হ'ল, সেয়া চোৱাৰ সময় এয়া নহয়, এয়া হৈছে আগলৈ চোৱাৰ সময়। প্ৰধানমন্ত্ৰীয়ে কয় যে যিহেতু চৰকাৰ ২০১৪ চনৰ পৰা ক্ষমতাত আছে, সেয়ে ২০২৬ চনত ভৱিষ্যতৰ লক্ষ্যবোৰ আৰু পাব পৰা সফলতাবোৰত দৃষ্টি নিবদ্ধ হোৱা উচিত। সূত্ৰসমূহৰ মতে, প্রধানমন্ত্রী গভার্নেন্স (সুপ্রশাসন) আৰু 'ডেলিভেৰী' (কার্য সম্পাদন)-ত মনোনিৱেশ কৰি থাকিবলৈ পৰামৰ্শ দিয়ে। প্রধানমন্ত্রীয়ে কয় যে চৰকাৰী কাম ৰৈ থাকিব নালাগে। এই বৈঠকত বিদেশ মন্ত্রী এছ জয়শংকৰে মোদীৰ শেহতীয়া পাঁচখন দেশ ভ্রমণৰ বিষয়ে বৈঠকত জনায়।
আনহাতে মুঠ নজন সচিবে তেওঁলোকৰ নিজৰ নিজৰ মন্ত্ৰ্যালয় আৰু বিভাগৰ উদ্যোগ আৰু সফলতাৰ বিষয়ে জনায়। কেবিনেট সচিব টি ভি সোমনাথনেও চৰকাৰৰ সংস্কাৰমূলক পদক্ষেপ আৰু আন জনসাধাৰণ-কেন্দ্ৰিক ব্যৱস্থাবোৰৰ বিষয়ে সামগ্রিকভাৱে জনায়। নিটি আয়োগৰ সদস্য ৰাজীৱ গৌবাই বৈঠকত বক্তব্য দাঙি ধৰে। এই বৈঠকত ২৮জন মন্ত্রী, ৩৬জন ৰাজ্য মন্ত্ৰী আৰু ৫জন ৰাজ্য মন্ত্রী (স্বতন্ত্র) বৈঠকত উপস্থিত আছিল। দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু জেনেভা ভ্ৰমণৰ বাবে স্বাস্থ্য মন্ত্রী জে পি নড্ডা এই বৈঠকত উপস্থিত থাকিব নোৱাৰিলে। উল্লেখযোগ্য যে এইবছৰ অনুষ্ঠিত মোদী মন্ত্ৰী পৰিষদৰ এইখন আছিল প্রথম বৈঠক।